অভিনয়

Rinku Rajowar
0
কোনে বাৰু নকৰে
এই জগতত অভিনয়?
আমাৰ মানৱ জীৱনটোৱে
জানো একোটা অভিনয় নহয়?
কোনোৱে সুখী হোৱাৰ
অভিনয় কৰিছে।
কোনোৱে আকৌ
দুখৰ বেদনাত ভাগি পৰাৰ সুন্দৰ অভিনয়ত মগ্নহৈ আছে।
কোনোটো বাট পৰি যোৱা নাই
এই অভিনয় জগতৰ পৰা।
কিন্তু আছে তাৰ মাজতো
কিছু নৰৱ দৰ্শক।
যিয়ে সকলো দেখে
সকলো বুজে।
তথাপি নিজৰ মুখ নোখোলে,
দেখিও নেদেখাৰ ভাও জোৰে।
অ' মই সেই সকলৰ কথাই কৈছো
যি সকলে অভিনয় কৰিব নাজানে।
বাটৰ দাঁতিত,দুকানৰ এটি কোণত
নিৰৱে পৰি থাকে সিহঁতি।
নিৰীক্ষণ কৰো পোহৰৰ মাজত
নিজকে সুব্যক্তি বুলি পৰিচয় দিয়া লোকসকলে।
অন্ধকাৰৰ সুযোগ লৈ
কেনে ধৰণৰ কুকৰ্মত লিপ্তথাকে।
ফুটপাত শুইযোৱা ইহঁত বোৰে
কেতিয়াও অভিনয় কৰি পোৱা নাই।
ইহঁতি নকৰে
কাৰণ ইহঁত বোৰে অভিনয় কৰিলে পেটৰ নিগনি বোৰ নমৰে।
সেয়ে পাৰে মানে অভিনয় 
জগতৰ পৰা ইহঁত বোৰ সদায় আতৰি থাকে।
অভিনয় কৰিব নোখোজে সিহঁতি
কদাপি মুখা পিন্ধা ভদ্ৰ লোক হ'ব নিবিচাৰে।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)