প্ৰেম বোলে এনেকোৱাই

Rinku Rajowar
0
কাষৰত নৰলে শিতানৰ গাৰুটিহে তিতে
প্ৰিয়জনৰ চিন্তাত মগ্নহৈ।
নিজ নিজ সমতল হৃদয়ত বলে
এজাক বলিয়া বতাহ নিৰৱে নিৰৱে।
যি বতাহক বাধা দিবলৈ
একোকে উপায় নাই।
এই সময়ত কিবা ভাল লাগে
নাকৰ আগত থকা প্ৰিয়জনৰ অভিমান বোৰ।
চুলিৰ আগ চোৱা প্ৰিয়জনৰ খং ৰাগ বোৰ।
প্ৰেম চাগে এনে কোৱাই
খন্তেক সময় ভুল বুজা বুজি
আকৌ মৰম স্নেহৰ আদান প্ৰদান আৰম্ভ।
প্ৰেম চাগে এনে কোৱাই
মিঠা মিঠা মাতত পেট ভৰি যায়।
তথাপিও যেন কাজিয়া নকৰিলে
কিবা মনটোৱেহে শান্তি নাপাই।
প্ৰেম চাগে এনে কোৱাই
সময় বাগৰি যোৱাৰ লগেলগে অত্যাধিক গভীৰ হৈ যায় প্ৰণয়ৰ সাগৰ খনী।

✍ কিৰণ জয় চাওদাং 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)