গীত

Rinku Rajowar
0
ৰূপালীৰ ফাকু সানি -  জোনাক নামিব 
    আতৰিব আউসীৰ নিশা 
জোনৰ জোনাকী মেলাত- - সপোনবোৰে
 খেলিব 
        জিলিকিব মানবৰ প্ৰেমৰ কণা।
দুৰ্নীতি আতৰিব - - হত্যা  হিংসা নাথাকিব 
         সুস্থিৰ হব আমাৰ সমাজ।
জগত পোহৰাবলৈ - - ফুলিব প্ৰেমৰ গোলাপ 
        সৃষ্টি হব নতুন ইতিহাস 
ভণ্ডলোকৰ হব পৰিসমাপ্তি - -মাতৃৰ কোলাত কেচুৱাটি 
        নতুন যুগৰ হব প্ৰভাত।
ৰূপালীৰ - - - - - - - 
হিংসাৰ জুইকুৰাত পানী ঢালি - - নতুন ইতিহাস ৰচিম আমি 
         শেষ হব ঘোৰ মহাপাপ 
শান্তিৰ শিখাডালি জ্বলিব হিয়াত - - - জগতত ফুলিব ফুল পাৰিজাত 
        প্ৰেমত শতদলে জগত পোহৰাব 
মৰমেৰে জানা আঁতি বান্ধিব।
ৰূপালীৰ- - - - - - - 
কুৱঁলীৰ জাল ফালি সুৰুয ওলাব- - বিধাতাৰ লিখনি কোনে সলাব
         এন্ধাৰত সকলো লুকাই যায়
নতুন সৃষ্টিয়ে পাতনি মেলিব ।
শতশিশুৰ দুচকুত ৰঙে - - নতুন আশাৰ জোৱাৰ আনিব 
সুন্দৰৰ ন পুজাৰী হৈ- - নতুন ফুলেৰে প্ৰেমৰ মালা গাঁঠিব।

✍ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)