বেবেৰিবাং

Rinku Rajowar
0
মোৰ এটা খবৰ পাঠক সকলে নাজানে, আনকি অসমৰ ৰাইজেও নাজানে । সেয়ে ভাবিছো- আজি সঁচা কথাটো আমাৰ 'অসমীয়া সাহিত্যৰ চানেকি' লেখক আৰু পাঠক সকলক জনায়ে দিওঁ ! কি কয় ?
 পিছে মোৰ খবৰটো পঢ়ি আপোনালোকে হাততালি মাৰিব লাগিব । যি সকলে হাত তালি নেমাৰে সেই সকলে অহা জন্মত ঘৰে ঘৰে গৈ হাততালি মাৰিবলৈ পাব ।
অ ৰব ! আৰু এটা কথা - মোৰ খবৰটো শুনি কোনেও হাঁহিব নোৱাৰিব । যি সকলে হাঁহিব সেই সকলে অহা জন্মত গোটেই জীৱন কান্দিবলৈ পাব । গতিকে সকলো বিবেচনা কৰিহে মোৰ তলৰ খবৰটো পঢ়িব দেই । 
   এসময়ত মই তিনিখন হিন্দী চিনেমাত অভিনয়  কৰিছিলো । এলাপচা নহয় - তিনিও খনতে হেমামালিনীৰ দেউতাকৰ চৰিত্ৰ । এই আটাইকেইখন চিনেমাত প্ৰথমৰ পৰা শেষলৈ হেমামালিনীৰ মাক আছিল বিধবা ।

      সৌৰভ কুমাৰ বৰুৱা
      উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)