মাঘৰ অনুভৱত

Rinku Rajowar
0
শীতৰ নিষ্ঠুৰতাত লঠঙা গছবোৰ ফেৰেঙনিত
বসন্তৰ হাঁহিটো সপি
মাঘ আহিল প্ৰতিশ্ৰুতি মতে ৷
সুখ আনন্দত উমাল 
পহিলা মাঘৰ ভোগৰ বৈভৱ নিশা
তোমাৰ পদুলিত গাম
এটি ঐনিতম
তুমি আহিবা শব্দৰ সুৰে সুৰে
পাতলিয়া বতাহজাক উৰুৱাই
বুকুৰ আঁচলৰে দুস্বপ্ন মচিবলৈ ৷
মনে সজা মেজিৰ উপ্তাপত
আকৌ এবাৰ ৰঙৰ চোলাটো পিন্ধি
জীৱনৰ পৃষ্ঠভূমিৰ পৰা
প্ৰেমাস্পদ আলিংগনত 
বিদায় দিম শীতৰ অবৈধ কামনা ৷
--------------------------------------------------------
               ✍   জিতেন চেতিয়া ৷৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)