পৰকীয়া এক সামাজিক ভাইৰাচ

Rinku Rajowar
0
সম্প্ৰতি আমাৰ সমাজত পৰকীয়া নামক এটি বিষাক্ত ভাইৰাচৰ আক্রমন দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। চকুৰ অন্তৰালত গোটেই বিশ্বত আজি গঢ়ি  উঠিছে এক পৰকীয়া ভাইৰাচৰ আক্রান্ত। চাৰিটা আক্ষৰৰ এটি শব্দ পৰকীয়া হ'লেও। কিন্তু ইয়াৰ প্ৰভাৱ অত্যন্ত মাৰাত্মক। ইয়াৰ উপক্ৰমত এটি সংসাৰ যেনেকৈ তছনছ হয়ে পৰে ঠিক তেনেকেই ব্যক্তি জীৱনটোও হৈ পৰে অধিক দুঃসহ। বেছি সংখ্যক লোকে চিকাৰ হৈছে এই সমাজৰ বিবাহিত অবিবাহিত যুবক-যুবতীসকলেওঁ।
   প্রথমে পৰিচয়, বন্ধুত্ব, প্রেম-ভালপোৱা অথবা পলুৱাই বিবাহ কৰা। এই পৰকীয়া সম্বন্ধৰ কাৰণে আটাইতকৈ ক্ষতিগ্রস্ত হৈছে আমাৰ আগন্তক ভৱিষ্যৎ, আমাৰ সপোন তথা উঠি অহা যুৱ প্ৰজন্মসকল। পৰকীয়া সম্বন্ধৰ কাৰণে নিৰ্মাণ হৈছে নানান সামাজিক অপৰাধ। ইয়াৰ পৰিণতিত হত্যা-দৰ্শন,যৌন-অত্যাচাৰ,বলাৎকাৰ আদি সংগঠিত হৈ আহিছে ধাৰাবাহিক ভাৱে। অতি সুখঃকৰ সংসাৰখন ধ্বংস কৰাৰ একমাত্র কাৰণ হৈছে পৰকীয়া সম্বন্ধ।
   যাৰ বাবে গর্ভধাৰিণী মাতৃ হত্যা কৰিবলৈ বাধ্যত পৰিছে তাৰ প্রাণতকৈয়ো অধিক প্রিয় নিজ সন্তানটিক। মাক-দেউতাকৰ পৰকীয়াৰ বলি হ'বলগীয়াত পৰিছে অহাকালিৰ তৰুণ ভৱিষ্যৎ । মুঠতে পৰকীয়া সম্বন্ধৰ বলি হয় গ্রাম্যৰ অস্বচ্ছল পৰিয়ালৰ পৰা আৰম্ভ কৰি শশুৰ সমাজৰ  বিত্তবান পৰিয়াললৈ।
   বৰ্তমান পৃথিৱীত কেইবা হাজাৰ পৰিয়ালৰ বিচ্ছেদ ঘটিছে একমাত্ৰ পৰকীয়া সম্বন্ধ  গঢ়ি উঠাৰ ফলত। গর্ভধাৰিণী মাতৃ তেখেতৰ সন্তান এৰি থৈ পলায় যায় আন পুৰুষৰ লগত। সন্তানৰ সোনালী ভৱিষ্যত বিলীন হোৱাৰ লগতে ভূগিছে নৰক যন্ত্রনাত। বর্তমানৰ মাতৃসমাজে তেখেতৰ সন্তানক হত্যা কৰিবলৈয়ো কুন্ঠাবোধ নকৰে । স্বামীয়ে তেখেতৰ স্ত্রীক হত্যা কৰিছে। স্ত্রীয়ে তেখেতৰ স্বামীক হত্যা কৰোৱাইছে আন পুৰুষৰ জৰিয়তে ইত্যাদি অহৰহ উদ্ভূদ নিৰ্লজ্জ ঘটনাবোৰ ক্ৰমাম্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বৰ্তমানৰ সমাজ ব্যৱস্হাত। এইবোৰ কু-মন্ত্ৰণাৰ মূল উপজীব্য বিষয়টো হ'ল একমাত্ৰ পৰকীয়া সম্বন্ধ। এনেধৰণৰ নৃশংস হত্যাকান্ডৰ শেষত উভয়েই অনেক সময়ত পুলিচৰ ওচৰত অকপটতা স্বীকাৰ কৰে তেখেতৰ কৃতকর্ম। কেতিয়াবা ঘটনাৰ মূল সুত্ৰবোৰ পোহৰলৈ আহে যদিও অনেক খিনিয়েই থাকে অমিমাংসিত আৰু অজানা হিচাপেও থাকি যায় গোটেই জাতিটোৰ ওচৰত।
   স্কুল-কলেজৰ শিক্ষার্থী, তৰুণ-তৰুণীসকলৰ প্রেম, পলাই বিয়া আৰু পৰকীয়া সম্বন্ধ থকাৰ কাৰণে পাৰিবাৰিক, সামাজিক অস্থিৰতা আৰু নানাবিদ অনাকাঙ্খিত ঘটনাবোৰ দিনক দিন বৃদ্ধি পাইছে নতুন নতুন মাত্রাত। ইয়াৰ অধিকসংখ্যক সূত্রপাতৰ দেখা দিয়ে ম'বাইল, ফেচবুক, ইমো, ইন্টাৰনেটৰ সৈতে সম্পৃক্ত প্রযুক্তিৰ মাধ্যমত। প্রযুক্তিৰ দ্রুত প্রসাৰ সামাজিক অৱক্ষয় অনাচাৰ বিস্তাৰৰ ক্ষেত্রে ভূমিকা পালন কৰিছে বুলি মনে কৰে বিশিষ্টজন সকলে। তেওঁলোকৰ মতে, প্রযুক্তি আৰু গণমাধ্যম নানামূখী চাহিদা আৰু ভোগৰ আকাঙ্খা সৃষ্টি কৰিছে।
   সন্তানসকলৰ প্রতি মাক-বাপেকৰ মনোযোগৰ অৱহেলা, ধর্মীয় তথা নীতি-নৈতিকতা চর্চাৰ অভাৱত সমাজত বিয়পি পৰিছে নানাবিধ অনাচাৰ। বিজ্ঞানীসকলে কৈছে, পৰকীয়া সম্বন্ধৰ কাৰণে পৰিয়ালৰ যৌথ বন্ধনটো ভাঙি যায়। পাৰিবাৰিক ও সামাজিক সুখবোৰ বিনষ্ট হয় যায়। এটি সমাজক নষ্ট কৰাৰ বাবে পৰকীয়া সম্বন্ধ বিষাক্ত ভাইৰাচৰ দৰেই কাম কৰে ।
  আমিবোৰে দৈনিক পত্রিকা, টিভি চ্যানেল বা ইন্টাৰনেটৰ বদৌলতত এনে ধৰনৰ বাৰ্তা অহৰহ পায় থাকো। সেইবাবে আমি দ্বিধাই ক'ব পাৰো যে, পৰকীয়া বা বিবাহ বহির্ভূত সম্পর্ক বৰ্তমানৰ সময়ত পৰিয়াল প্রথাৰ বাবে ক্যান্সাৰ ৰোগৰ দৰে ব্যাধিস্বৰূপ হৈ পৰিছে । এই বৃহৎ সমস্যাবোৰ একদিনতে অথবা হঠাৎ কৰি হৈ যোৱা নাই। এই যে বাজে একটা চর্চা বা প্রথা তা ক্রমশ আমাদের মাঝে এসে যেন ঝেঁকে বসেছে।
   আধুনিক শিক্ষাৰে শিক্ষিত পৰিয়ালত এই ব্যাধি দিনক দিনে মাৰাত্মক ভাবে আমাৰ সমাজ ব্যৱস্হাত বিস্তাৰ লাভ কৰিছে। অনেকেই আকৌ এনে মাৰাত্মক সমস্যাত ভুগিছে আৰু ম'বাইল ফোন ও ইন্টাৰনেটৰ ব্যবহাৰ বাঢ়ি যোৱাৰ ফলত  পৰকীয়া সম্বন্ধৰ হাৰো তীব্ৰ গতিত বৃদ্ধি পাইছে। বর্তমান তথ্য প্রযুক্তি, ইন্টাৰনেট আৰু দূৰদৰ্শন চ্যানেলবোৰ অলপ সচেতন হ'লে সমাজৰ পৰা পৰকীয়া নামক ভাইৰাচ শব্দটি ক্রমান্বয়ে নিচিহ্ন হৈ যাব।

 ✍ হাফিজ বায়েজীদ বোস্তামী
ছাত্ৰঃ লাহৰীঘাট মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)