অপচেষ্টা

Rinku Rajowar
0
সিহঁতৰ চাপ, অস্পৃশ্য 
আৰু বঞ্চনাৰ বাসনাই
আজি মোক ধৰ্ষণ কৰে । 
পৰিতৃপ্তিৰ অট্টহাস্যৰে 
সিহঁত আজি আত্মবিস্মৃত । 
যেনেকৈ ইচ্ছা তেনেকৈ যেন 
সিহঁতে মোক উপভোগ কৰে । 
প্ৰতিটো স্পৰ্শত 
অনুভৱ কৰো
সিহঁতৰ ভয়াৰ্ততা 
নিজক হেৰুৱাৰ । 
প্ৰতিটো দংশনত 
অনুভৱ কৰো 
সিহঁতৰ অস্তিত্ব বীৰ্যহীনতাৰ ।
বাৰুকৈয়ে জানে 
সিহঁতৰ কিবা এটাৰ
বৰকৈ অভাৱ ।
আছে মাথো আনৰ 
সেউজীয়া খিনিৰে 
ৰঙীন হোৱাৰ অপচেষ্টাৰে 
এখন মৰুভূমি
আৰু এসোপা কেকটাচ । 

 ✍ সৌৰভ কুমাৰ বৰুৱা
   উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)