উকমুকাই থকা চাদৰৰ তলৰ
কেছ বছা ৰিহা আচলৰ কাহিনী,
মানৱতাৰ আদিপাঠ আওৰাই
পথাৰৰ সপোন
পিতাইৰ মাটিৰ মানৱী মন।
আইৰ আখল শেতেলীত
আলপনাৰে আঁকিছিল মনৰ মানুহজনীক
শ্নেহচ্ছয়াত প্ৰাণভৰা ভালপোৱা
আই আছিল নাৰীৰ মনৰ মানুহ।
পানীপোতাক সাগৰ যেন নেদেখা
আই আছিল তেনে মনৰ মানুহ
মাতৃ হোৱা গৌৰৱত স্বীকাৰ কৰি লৈছিল,
কঠিনতম পৰা কঠিনক
আই আছিল নাৰীৰ মনৰ মানুহ।
নাৰীবোৰ নাৰী মনৰ হোৱা বাবে
লুকুৱাই ৰাখিব পাৰিছিল
চিৰন্তন নাৰীৰ সহজ গুণক
সাহস আৰু ধৰ্য্যৰে পালিত হয় বাস্তৱ,
অনায়াসে কৰি যায় ত্যাগ
বিপৰ্য্যই প্ৰাণ পাই উঠে অপৰূপত।
সম্পৰ্কবোৰ জীয়াই ৰাখিছিল এনেদৰে
আমাৰ আৰু সিহতৰ মাজত,
সুবাস ভৰা ৰাতিৰ মায়াত
চানেকি তুলে দুখৰ
সুখৰ তৃষ্ণাতুৰত মাথো অক্লান্ত পিয়াসী
আই আছিল নাৰীৰ মনৰ মানুহ।
আইয়ে বিচৰা নাছিল কোনোকালে
সম্পৰ্ক বোৰ হেৰাই যোৱাটো
কালৰ কুটিল বিধ্বস্ত সময়ৰসতে।
আইৰ মন আছিল শস্যৰ দৰে ধুনীয়া
ত্যাগ,বন্দীত্ব বিষাদৰ মুদ্ৰাবোৰ
জানিছিল লুকুৱাই থব চাদৰৰ ভাজত।
কবি- নাং ননী বৰুৱা গগৈ
টেঙাখাত
পিন ৭৮৬১০৩
ডিব্ৰুগড় অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ