পুনৰ ঘূৰি আহিম আমি মা....

Rinku Rajowar
0
গুচি আহিলোঁ মা,
এইবাৰলৈ গুচি আহিলোঁ।
অহ তুমিচোন গমেই নোপোৱা মা
আমি যে এতিয়া ঢুকি নোপোৱা দূৰত্বত,
তুমি সাৰ পাই আমাক বিচাৰি আছা
কিন্তু আমি যে এতিয়া তোমাৰ
কাষত নাই মা।।।

চোৱা মা নিয়তিৰ কি খেল,
আজিটো মোৰ জন্মদিন আছিল।
কিন্তু এই বিশেষ দিনটোতেই সকলো
সলনি হৈ গ'ল।
একো বুজিয়েই নাপালোঁ
কি ঘটি গ'ল,
মাথোঁ মা তোমাক বৰকৈ মাতিছিলোঁ অ।
মা দাদাই মোক অকলে এৰি নিদিলে,
মোক সাৱটি সিও গুচি আহিল।

মা দুখ নকৰিবা,
দেউতা আহিলে কবা
আমি পুনৰ ঘূৰি আহিম মা।
তোমালোকৰ পৃথিৱীখন পুনৰ
সম্পূৰ্ণ কৰিমহি।
পুনৰ হাঁহিম একেলগে,খেলিম একেলগে,
ভাইটিক মই সাৱটি
ধৰিয়েই আছোঁ মা।
এনেদৰেই আকৌ আহিম ঘূৰি,
পুনৰ ঘূৰি আহিম আমি মা
পুনৰ ঘূৰি আহিম।।।।।।
(য'তেই আছা তোমালোক শান্তিত থাকা🙏🙏🙏)

   ✍ দিম্পী ফুকন শ‌ইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)