অতীত উপহাৰ দি
নিজকে আৱিষ্কাৰ কৰিছিলো
কৃষ্ণ গহ্বৰৰ গৰ্ভত
অনাবিষ্কৃত ৰূপত ।
ৰূপান্তৰৰ সম্ভাৱনাবোৰ
কেতিয়াও সাৰ নোপোৱাৰ
দুৰন্ত প্ৰতিশ্ৰুতিৰে
দুৰ্ঘোৰ নিদ্ৰাত ।
বিয়লি বেলাত
হঠাৎ ফাগুন ফাগুন লগা
ফিৰফিৰীয়া গোন্ধৰ
এচাতি বাউলি বতাহে
মোক শিহৰিত কৰি গ'ল ।
উদফাঁই ৰোগে
কুৰুকি কুৰুকি খোৱা
প্ৰৌঢ়ত্বৰ কালিকা লগা
লঠঙা গছজোপাত
নতুনকৈ কুঁহিপাত ওলাইছে ।
পলাশ মদাৰ শিমলু ফুলবোৰ
কামসেন্দুৰীয়া হৈ
সাৰ নোপোৱাৰ প্ৰতিশ্ৰুতিবোৰ
জুই লগাই দিলে ।
লেতাৰ ভিতৰৰ
পলুৰ সত্বাটো
ৰূপান্তৰৰ পখিলা হৈ
ক্ৰমান্বয়ে মই যেন
উন্মুক্ত হৈ পৰিছো ।
পচোৱা ! তই আহচোন !
মোক উৰুৱাই লৈ যা
সৌ দূৰ দিগন্তলৈ
সাতো ৰঙৰ ফাকুৰে
তাত ইন্দ্ৰধনু সাজোগৈ ।
কবি - সৌৰভ কুমাৰ বৰুৱা
উঃ লখিমপুৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ