মৃগেন্দ্র কাকতি চিধা-চাধা আৰু খাৰাংখাচ মানুহ । অসুখ বুলিলে গেষ্ট্ৰিকটোৱে অলপ আমনি কৰে । সেয়ে সাতে পাঁচে মিলি খঙটো অলপ বেছি । ঘৈণীয়েক প্ৰণিতাৰ উশৃংখলিত কামকাজবোৰত মৃগেন্দ্ৰৰ বৰ খং উঠে আৰু তাইক উধাইমুধাই গালি পাৰে । সদায় এই কাৰবাৰটো ঘৰখনত ঘটিয়েই থাকে । যিমান গালি পৰিলেও প্ৰণিতাই কোনোদিন একো নামাতে, সেই সময়ত লেট্ৰিনত সোমাই থাকে ।
এদিন ৰাতি বিচনাত শুই থাকোতে মৃগেন্দ্ৰই সুধিলে- মই গালি পাৰিলে তুমি মাতবোল বন্ধ কৰি লেট্ৰিনত কি কৰি থাকা ?
প্ৰণিতা- তোমাৰ টুথব্ৰাছ দালেৰে লেট্ৰিন চাফা কৰি থাকো ।
মৃগেন্দ্ৰৰ মূৰত যেন শিল এটাহে পৰিল ।
✍ সৌৰভ কুমাৰ বৰুৱা
উঃ লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ