নৈ প্ৰেম

Rinku Rajowar
0
এই নদীখনক 
মই ভালপাওঁ নিজতকৈও
আৰু তোমাতকৈও বেছি...!
বুকুৰ ভিতৰত আজিও আছে
নৈখনৰ স্মৃতিৰ কৰুণ বিননি।
মোৰ উজাগৰি নিশাবোৰৰ
একমাত্ৰ লগৰী এই নৈখন
মোৰ দুখৰ বুৰঞ্জীৰ পাতে পাতে 
এই নৈখনেই আঁকিছে 
প্ৰেমৰ নিভাজ ছবি
লিখিছে জীৱনৰ তিক্তবিষাদৰ
কৰুণ গাঠা
প্ৰেমৰ সৌন্দৰ্য ঢালি দি কৰিছে মোৰ 
অৰ্থৱহ জীৱন।
সেয়েহে নিসংগতাত ডুব গৈও
মেলি দিছো হৃদয়ৰ দুৱাৰ
কিজানিবা নৈখন
সোমাই আহে মোলৈ
আৰু কঢ়িয়াই নিয়ে
প্ৰেম ভালপোৱাবোৰ মোৰ পৰা তোমালৈ।

কবি -  বিতু বুঢ়াগোহাঁই
    নিপ্‌ক,দুলীয়াজান
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)