পলাশী কোলা

Rinku Rajowar
0
হৃদয়ৰ মৰম , আত্মাৰ বিননি 
তুমি প্ৰাণ     - - - - -!
সাগৰৰ গভীৰতাৰ দৰে 
আকাশৰ বিশালতাৰ দৰে 
তুমি জীৱনৰ গান - - - - -।

মই যাক ভাল পাওঁ 
     তেওঁ ইমান নিৰাশ - - - - - !
নাম যাৰ - - - - - - 
বিত চকু পিন্ধি বহি আছা তুমি 
দীঘল পদূলিটোত 
      চকুৱে দেখিও নিজৰ ছবি 
অকালতে আছা চকু মুদি ।
        সমুখত সৌ 
কাৰেং ৰূপালী 
তুমি বৰ অভিমানী    ।

তোমাৰ পলাশী কোলাতেই 
হব খুজিছিলো ফাগুনী নাচনী ।
ফাগুনৰে ৰং পালো 
সেয়ে - - - - -- 
সেয়ে ফাগুনকে মন দিলো ।
 হতাশ আজি পলাশৰ হাঁহি 
সাবটি লবলৈ নোৱাৰে 
  জীৱন, যৌৱন ,অগনি
মৰিচীকাৰ জাল পাতি 
পলাশে হেৰুৱালে    
  থৰ কাচুটি ।

   ✍ ৰুমী কলিতা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)