কোমল বতাহ

Rinku Rajowar
0
আশাৰেই বাট চাওঁ
      এটি নতুন দিনৰ নতুন পুৱালৈ 
         হেপাহেৰে ৰুৱা ফুলজোপাত
             এপাহ সুকোমল ফুল ফুলালৈ- - - -।
জীৱনৰ ওখোৰা মোখোৰা বাটৰ 
      কাঁইট বিলাক আতৰি যোৱালৈ
নাহে দেখোন তেনে এটা দিন 
          সময়ৰ বালিত খোজ ৰাখিবলৈ ।
হৃদয়ে কান্দে নিৰবে 
         যন্ত্ৰণাত চটফটাই অজানিতে
বিষাদৰ মালিতা গাঠি সময়ে উপহাস কৰে ।
  হয়তো মৰমবোৰ নিভাঁজ নহয় 
     আৰু আশাবোৰ - - -- - - - ?
নোৱাৰি ফুলাব ওঁঠত কদম ফুলৰ হাঁহি ।
বৃষ্টিৰ তৃষ্ণাই কোমল মাটিত গুণগুণনি তোলে।
অশ্ৰুভৰা দুটি নয়ন কপাহৰ দৰে কোমল স্পৰ্শৰ বাবে ।
কেতিয়া সিচিব মুঠি মুঠি পোহৰৰ বীজ - - - ?
জীৱন -যৌৱনৰ ছন্দত ।
নাপালো আইৰ স্নেহসনা জীৱনৰ - - - - - 
গুছি গ 'ল অনন্ত কালৰ বাবে ।
আকিব পৰা নাই জীৱনত সুখ ৰং তুলিকাৰে 
এতিয়া সৰাপাতে হাঁহে।
        এজাক অশান্ত বতাহে 
লৈ আনে চঞ্চলা ফাগুনৰ বতৰা ।
টলবল এবুকু দুখৰ ডাৱৰ
       উকা কাগজত মাথো শব্দৰ সম্ভাৰ ।

🔰ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)