সুগন্ধত ভূল যাবা
ধুলিৰ লগত খেলিবা
লেতেৰা হৈ যাবা !
কুলিৰ সৈতে থাকিবা
মিঠা মিঠা মাত মাতিবা
কাউৰীৰ লগতথাকিবা!
সানিবা জীৱনত যি ৰং
সেই ৰঙে জীৱনে কৰিব ধাৰণ
তেন্তে সানি লবা এনে এটা ৰং
সুখময় হব জীৱন !
যিয়ে আনৰ বাবে শূল পুতে
নিজে মৰে ফুটি
জীৱন পথাৰত যিয়ে ৰুবা
সেয়াই কাটিবা !
তেন্তে কৰা এনে কৰ্ম
যাতে হয় মানৱ ধৰ্ম
যেনে কৰিবা তেনে ভৰিবা
এয়াই নিয়তিৰ নিয়ম !
কবি- দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ