মোৰ বাকচটো

Rinku Rajowar
0
কোণ, বৰ্গ, আয়ত
জ্যামিতিৰ বিবৰণেৰে
মোৰ বাকচৰ আকৃতি
প্ৰতিপাদন কৰিব পৰাকৈ
মই সমৰ্থ নহওঁ ।
আলিবাবাৰ ৰহস্যময়
গুহাটোৰ দৰেই 
মোৰ বাকচটো ।
সময়ৰ উঁকি মাৰি মাৰি
ভিতৰত ঝক্ ঝক্ ঝক্ ঝক্
এখন ৰেল গাড়ী ।
অতীতৰ পৰা 
অনিশ্চিত ভৱিষ্যতলৈ
মন্থৰ নে যন্ত্ৰৰ গতি !
দবাৰ পেটত সুখ দুখ
হাঁহি হুমুনিয়াহৰ কোলাহল 
আৰু
চুনমুন গুলু লুইতৰ
আশা ভৰা সোণোৱালী 
গানৰ সুৰৰ সমাহাৰ ।
ময়েই এজাক মৌমাখি হৈ
তোমালোকৰ ফুলনিৰ পৰা
কণ কণ কৈ গোটাই  অনা
মৌৰে সজাইছো এটা চাক
বাকচটোৰ ভিতৰত ।
মুনিচুনি বেলিৰ পৰত
শেষ ষ্টেচনত নামি
সিপাৰলৈ নৈৰ ঘাটত
নাৱত উঠাৰ আগেয়ে
মৌবোৰ তোমালোককেই
দি থৈ যাম 
মোলৈ যাতে তোমালোকৰ
মাজে মাজে মনত পৰে ।
আগতেই কৈছো
মোৰ বাকচটোৱে 
মনা নাই কোনো
জ্যামিতিৰ ব্যাকৰণ ।
কপাহ ভৰা
এটা ডাঙৰ বস্তাৰ দৰে
দেখিলে দাঙিব
নোৱাৰিম যেন লাগে ।

   সৌৰভ কুমাৰ বৰুৱা
     উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)