হে পাহাৰী দেৱতা

Rinku Rajowar
0

পৃথিৱীত বিছাৰ পৰাই পখিলাৰ জন্ম 
পখিলাৰ পৰা সৃষ্টি পলুৰ 
আৰু সিয়ে খাই শেষ কৰে ধৰণীৰ সেউজীয়া পাতৰ সুকোমল শোভা ।
         হে পাহাৰী দেৱতা 
তোমাক চাবলৈ যাওতে  হৃদয় মোৰ ঠানবান ।
উতলা মেঘবোৰে মোক দেখি হাঁহিছে 
তাতে তোমাৰ ৰূপ লাবণ্যই উপচি থকা 
সুগঠিত শৰীৰ, হৰিণীৰ দৰে নয়ন ।
বগা ৰঙৰ গাড়ী খনত বহি 
অহাযোৱা যোৱা কৰা 
আবেগ বিহ্বল দুচকুৰ আগেদি ।
মন -প্ৰাণ শৰীৰ সকলো তোমাতে বিলীন ।
হে পাহাৰী দেৱতা                              
তোমাৰ বুকুত এৰি আহিলো 
এধানি শান্তিৰ জিৰণি ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)