বিধৱা

Rinku Rajowar
0
জোনালী" এগৰাকী  বিধৱা মহিলা। বিয়াৰ এবছৰ পাছতে পথ দূৰ্ঘটনা এটিত স্বামীৰ মৃত্যু হৈছিল। নিয়ঁতিৰ নিঠুৰ সোতত ফুলকুমলীয়াতে বৈধ্যৱ্য সাজত আকোৱালিলে নিসংগতাক | মাহ-হালধিৰ গোন্ধে দেহ নেৰোতেই জীৱনৰ প্ৰতিখোজতেই যেন কাঁইটে বাট ভেটা হ'ল।। জীয়াই থকাৰ সম্ভৱনাকে দুৰ্ভাৱনা কৰি তুলিলে..| "হতচাৰিণী"ৰে জগৰীয়া কৰিলে স্বামীৰ গৃহই ...| শোক এৰি ক্ষোভত "কুলক্ষিণী" ৰ অলংকাৰেৰে বিভূষিত কৰি নিতে ককৰ্থনা,ভৎসৰ্না|মানসিক আৰু শাৰীৰিক অত্যচাৰে সহ্যাতীত কৰি তুলিলে জীয়াই থকাৰ সকলো স্পৃহাক জোনালীৰ....|  পিতৃ গৃহলৈ উভতাৰো পথো ৰুদ্ধ, ঘৰখনৰ অমতত বিয়া হোৱাৰ বাবে ঘৰখনে ত্যাগ দিছিল তাইক। সকলো পথেই যেন বন্ধ,অনুকম্পাহীন সকলো, জোনালীৰ কোনো ধৰণৰ ৰাস্তা নথকাৰ বাবে স্বামী গৃহৰ সকলো অত্যাচাৰকে শিৰ পাতি জীয়াৱ ল'লে| 

 তাইৰ বাবে আৰু যেন কষ্ট সাঁচি থৈছিল ঈশ্বৰে... বহুত দুখ বেদনাৰ সমষ্টিয়েদি স্বামীৰ স্মৃতি বুকুত বান্ধি জীয়াই থাকিব লৈছিল তাই। স্বামী গৃহই যেন নিৰাপদ,,,এনে ভাৱতেই জীৱনৰ বাকী ছোৱাৰ বাবে সাজু কৰি তুলিছিল | কম বয়সীয়া নাৰী তাতে বিধৱা, পদে পদে বিপদ আজিৰ সমাজত......| কোৱা হয় হৰিণাৰ মাংসই বৈৰী| ঠিক এগৰাকী নাৰী ক্ষেত্ৰতো একেই কথা যে তাই অকলে এই সিংস্ৰ সমাজত নিৰাপদে থাকিবলৈ হ'লে নিৰাপদ ঠাই এটুকুৰা লাগিব|| গতিকে বিধাতাকে শেষ ভৰষা কৰি  সকলো দুখ বুকুত বান্ধিলে |

এক মাত্ৰ পুত্ৰ জোনালীৰ স্বামী আৰু এগৰাকী ভনীয়েক, ঘৰৰ ওচৰতে বিয়া হোৱা তাই দুটা সন্তাৰ মাতৃ  | ননদৰ পৰিয়াল আহি থাকিলে জোনালীয়ে কেতিয়াও বেয়া পোৱা নাছিল | অলপ হলেও হাঁহিব পাৰিছিল ভাগিন দুটাৰ মৰমত.....তাইক পালে মাক ,দেউতাককো প্ৰয়োজন নহৈছিল সিহত দুটাৰ | তাইয়ো বহুত মৰম কৰিছিল,মামাকে যে কিমান আদৰ দিছিল সিহতক  |

 মনত পৰিল জোনালীৰ, বিয়াৰ পিছতে এদিন নিবিৰ মূহুৰ্তত স্বামীৰ মিঠা মাতষাৰি,অতি সোনকালে এজনী সৰু জোনালী লাগে অ'....তাই যে কিমান লাজ পাইছিল,ৰঙা পৰা বুলি স্বামীয়ে গালতে দিছিল চিকুটি| তাইৰ মনেও মনে মনে বিছাৰিছিল, কোলালৈ আহক এজনী কণমানি ......অথচ সেই সপোন ভূমিষ্ঠ হোৱাৰ আগতে তাইৰ মৰমৰ মানুহজনক লৈ গ'ল অজান দেশলৈ....| সোণৰ ঘৰখন থন ধৰি উঠাৰ আগতে সকোলোবোৰ তাচপাতৰ দৰে সহি পৰিল 
|
জোনালীয়ে আগ বাঢ়িছে দুখৰ স্মৃতি লৈ।
তাইৰ সেই সুখখিনিতো চকু পৰিল এজন পাশণ্ডৰ । হয় তাই ভাৱিছিল ,
তাই স্বামী গৃহত নিৰাপদে থাকিব পাৰিব...কিন্তু স্বামীৰ গৃহতে তাইৰ যৌৱনত শেন চকু পৰিল এজন অসভ্যৰ । সেইজন আন কোনো নহয়, তাইৰে ননদৰ গিৰিয়েক| যেতিয়ালৈকে জোনালীৰ স্বামী জীৱিত আছিল তেতিয়ালৈকে তাইক বহুত সন্মান কৰিছিল| কিন্তু, স্বামীৰ মৃত্যুৰ পিছৰ পৰাই চল পালেই জোনালীক বেয়া ইংগিতেৰে কাষ চাপিবলৈ চেষ্টা কৰা হ'ল |
আৰু সি ভালধৰণে জানে, জোনালী এতিয়া অসহায়
আৰু তাইৰ দুৰ্বলতাৰ সুযোগ লব পাৰিব কাৰণ তাইৰ শহু- শাহুই তাইক এতিয়া ভাল নাপায় আৰু বিশ্বাসো নকৰে|
সকলো সময়তে জোনালীয়ে ভয় আৰু শংকাৰে পাৰ কৰিব ধৰিলে! 
জোনালীৰ বাবে জীৱন হৈ পৰিল নৰক | ঘটনাবোৰ কাকোকে কব নোৱাাৰা হল,প্ৰকাশৰ ৰুদ্ধ পথ,
পাষণ্ডটোৰ উৎপাত দিনে দিনে বাঢ়িব ধৰিলে|
এজনী কম বয়সীয়া নাৰী তাতে ভৰ যৌৱনতে বিধৱা লগতে এই ৰক্ষণশীল সমাজত প্ৰতিটো সময়ত খোজে প্ৰতি বিপদ । তাতে আকৌ আত্মীয়ৰ পৰাই যৌন অত্যাচাৰ, ভাঙি পৰিছিল তাই। 
হঠাতে তাইৰ জীৱনলৈ আহিল এজন সুন্দৰ যুৱক,যেন জ্যোতিস্ক এটি।
জোনালীহঁতৰ ভাড়া ঘৰলৈ আহিল অভিজিৎ নামৰ সেই যুৱকজন । পেছাত এটি সৰু কোম্পানীত কৰ্মৰত | এদিন হঠাৎ তাক দেখা পালে তাই।
দুচকুৰ মিলন হ'ল.....প্ৰথম দেখাতে জোনালীৰ প্ৰতি এক প্ৰেম ভাৱ জাগি উঠিছিল অভিজিতৰ কিন্তু পিছ মূহুৰ্ততে নিজকে সংযত হবলৈ চেষ্টা কৰিলে, জোনালী যে বি়ধৱা, তাইক এইদৰে কল্পনা কৰাটো জানো সমীচিন, পাপ নহব নে এয়া | তথাপিও জোনালীৰ সৰলতাৰে ভৰা মুখনি তাৰ হৃদয়ত যেন অজানিতে বাহ সাজিলে,লাহে লাহে বুকুত বগাব ধৰিলে| কৰুণতাৰে ভৰা জোনালীৰ জীৱন গাথাই অভিজিতক জোনালীৰ প্ৰতি সমভাগী ভাৱ এটাই বেৰিব ললে| কিমান কষ্টত তাই জীয়াৱ লাগিছে সেইটো উপলদ্ধি কৰিব পৰা হ'ল আৰু লাহে লাহে এক বন্ধুত্ব স্থাপন হব ধৰিলে দুয়োৰে মাজত|

জোনালীয়ে যেন অভিজিতৰ মাজত এজন ভাল বন্ধুত্ব বিছাৰি পালে| তাইক বুজি পোৱা এজন বন্ধু যাৰ আগত জোনালীয়ে সমস্ত কথা খুলি কব পৰে| সিওঁ যিমান পাৰে তাইক সহায় আৰু সহযোগিতাৰ হাতখন প্ৰসাৰিত কৰিলে।
জোনালীৰ মৰহা জীৱনটো অভিজিৎৰ আগমনে পুনৰ জীপাল কৰিলে জীয়াই থকাৰ হেঁপাহটোক । 
এগৰাকী বিধৱা নাৰী আৰু এজন ডেকা লৰাৰ সম্পৰ্ক কি হব পাৰে? দুয়োটাৰ সম্পৰ্ক সমাজত আলোচনাৰ বিষয় হব ধৰিলে।। তেওঁলোকৰ মাজত এই সম্পৰ্ক কেতিয়াও বৈধ নহয় ? কোনো গোপন অভিসাৰীৰ বাবে গঢ়ি উঠিছে এনে এটা সম্পৰ্ক । এই ধৰণৰ 
কথাই ইতিমধ্যে গাওঁখনত ঢৌ তুলিলে চাৰিওফালে, প্ৰচাৰ হব ধৰিলে| 
আৰু জোনালীৰ শহুৰৰ ঘৰখনে ইয়াতে ৰহণ সানি তাইক চৰিত্ৰহীনাৰ নামদি ঘৰখনৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত ল'লে|
যেন সুযোগে সুযোগহে দিলে,  এইটো ঘটনাই তাইক সেইখন ঘৰৰ পৰা উলিয়াই দিয়াত অৰিহণা যোগালে|
জোনালী সমাজৰ আগত এজনী অসৎ নাৰী ৰূপে ক্ৰমাৎ পৰিচিত হব ধৰিলে |
বৰ অসহনীয় হ'ল, জীয়াই থকাৰ হেৰাই গ'ল যেন সকলো সমল,
ভাৱি নাপালে, মৃত্যুৱেই শ্ৰেষ্ঠ হৈ দেখা দিলে জোনালীৰ দুচকুত|
কিন্তু অভিজিৎ, তাইৰ এই বিপদত অকশৰীয়া হব নিদিলে, তাইক লৈ গ'ল সি গাওঁৰ নামঘৰলৈ, আৰু সকলোকে বিনম্ৰ ভাৱে কলে,,"জোনালী আৰু মোৰ মাজৰ বন্ধুত্বৰ সম্পৰ্কত এচাম আওঁপকীয়া চিন্তাৰ ব্যক্তিয়ে কলুষিত কৰাৰ যি অপচেষ্টা কৰিলে,,বৰ্তমান সমাজ তথা সামাজিক পৰিৱেশৰ বাবে সচাকে চিন্তনীয় এইয়া।। এগৰাকী বিধৱাৰ মানসিক যন্ত্ৰণাৰ সমভাগী হোৱাৰ পৰিৱৰ্তে এক নীচ দৃষ্টি ভঙ্গীৰে চোৱাৰহে অপচেষ্টাত ব্ৰতী হয় এচাম।। জোনালীৰ জীয়াই থকাৰ স্বাধীনতা তথা মনোবেদনা মৰ্মে মৰ্মে উপলব্ধি কৰিছো মই আৰু জোনালীৰ দুখত সুখৰ ফুল ফুলাবলৈ সংকল্প বদ্ধ হৈ আপোনালোকৰ সাক্ষাতত চিৰ আপোন কৰি ললো আজি"।।
জোনালীৰ কপালত জিলিকি উঠিল অভিজিতে অংকণ কৰি দিয়া সুৰুযৰ সেন্দুৰী বাট।। দূৰণিত যেন ভাহি উঠিল অনুস্বৰে "ৰাম কৃষ্ণ পানী তুলিবলে,ৰাম কৃষ্ণ আয়তি আহিছে,হৰি মোৰ অ' দিয়াহে উৰুলী জোকাৰ"।।
অভিজিৎ,
সংস্কাৰৰ চিৰন্ততন প্ৰতীক এক।।

প্ৰিয়ংকা প্ৰিয়া ভূঞাঁ
দুলিয়াজান
৯৬৭৮০৫৪১৮৫


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)