নাৰী তুমি

Rinku Rajowar
0
নাৰী তুমি সচাকৈয়ে অন্যন্যা
তোমাৰ ৰূপত প্ৰকৃতি উতলা 
    ফাগুনী মলয়া হব খোজে উন্মনা ।
আউলী বাউলী চুলি মেলি হব নুখুজিবা পগলা ।
প্ৰকৃতিৰ সোণালী বাটত খোজ আগবঢ়াই নিয়া
পুৰুষৰ বৰ্বৰতাৰ বলি হৈ নিজকে শেষ নকৰিবা 
সুস্থ নাগৰিকৰ সৃষ্টি কৰি সমাজখনক জীয়াই ৰাখিবলৈ চেষ্টা কৰি আগুৱাই যোৱা ।
দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ  কঢ়াল গ্ৰাসত কাকো ককবকাবলৈ নিদিবা ।
     জগতত সোণালী সপোন সিচি 
প্ৰতিখোজতেই আগবাঢ়ি যোৱা ।
ভৱিষ্যত সোণালী দিনবোৰত হোৱা যদি বীৰংগনা 
স্মৃতিৰ উমাল পৰশত সোণালী আখৰেৰে জিলিকি ৰবা ।
তুমি যদি বিধবা - - - - - - !
বগা সাজ পিন্ধিলেও তাত থাকিব পবিত্ৰতা ।

যদিহে তুমি আশীবছৰীয়া
         আনৰ হাতত কলম দি হলেও 
স্মৃতিবোৰ জীয়াই   ৰাখা
ফাগুনী মলয়া হৈ সকলোকে চুই যোৱা ।

🔰ৰুমী কলিতা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)