স্কুলৰ চাইকে’ল ষ্টেণ্ডত চাইকে’ল ৰাখি স্কুলৰ পিনে আগবাঢ়ি যায় খটখটি বগাওতে তাক দেখি দুজন বিদ্যাৰ্থীয়ে
মুখেৰে ভোনভোনই উঠিল যা বে যা প্ৰতিবাৰে শ্ৰেণীত প্ৰথম অহাৰ শাস্তি এইবাৰ ভোগীব লাগিব এই বুলি কৈ এটা মিচিকীয়া হাহি মাৰিলে আৰু বিজয়ক মাত লাগালে অ হিৰো আহিলা গুড মৰ্ণিং বিজয় গুডমৰ্ণিং আাকাশ এনে ঘণ্টা পৰিল সকলোৱে শ্ৰেণী কোঠাত গৈ বহিল আকাশে তাৰ লগত লৈ আনা নকলবোৰ একাদিক্ৰমে সজাই থাকোতে শ্ৰেণীত শিক্ষক আহি সোমালেহি
আকাশে নকলবোৰ লুকোৱাই থৈ !
তোমালোক পৰীক্ষাৰ বাবে সাজো নে ?
বিদ্যাৰ্থী সকলে হয় ছাৰ বুলি উত্তৰ দিলে
উত্তৰ বহী বিলাই শিক্ষকে আকৌ ক’লে
এটা জাননী কিন্তু যিয়ে নকল মৰাত ধৰা পৰিব তাক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰা হব এনেতে ফাইনেল ঘণ্টা পৰিল শিক্ষকে প্ৰশ্ন কাকত বিলাই চকীত গৈ বহি লৈ নিৰ্দেশ দিলে এতিয়া আৰম্ভ কৰা লগে লগে শ্ৰেণীকোঠা নিমাত নিস্তব্ধ কলমৰ খচখচনিৰ বাহিৰে একো শব্দই নাই !
আকাশে ইফালে সিফালে চাই নকলৰ টোকোৰা এটা বিজয়ৰ ডেস্কৰ তলত পেলাই দিলে শিক্ষকে সকলোলৈ চকু ফুৰাই যায় এনেতে চকুত পৰিল সেই নকল টোকোৰা খঙৰ ভমকত গৈ ঐ বিজয় তুমিতো ভাল ল’ৰা তুমিও বিজয় সতভম্ব হৈ শিক্ষকলৈ চাই ক’লে ছাৰ এয়া আপুনি কি কৈছে কি কৈছো ৰবা এই বুলি কৈ শিক্ষকে নকল টোকোৰা বুটলি দেখাই এয়া কি ? বিজয়ক এনে লাগিল যেন তাৰ গাত বজ্ৰপাত পৰিল
কান্দো কান্দোকৈ বিজয় কৈ উঠিল নাই ছাৰ বিদ্যা শপত মই এয়া নাই কৰা আপুনি হেণ্ড ৰাইটিং মিলাই চাওক কিন্তু কি হব শিক্ষকে একো নোশুনিলে তাক শ্ৰেণী কোঠাৰ পৰা বহিষ্কাৰ কৰি দিলে আৰু ক’লে যোৱাৰ আগত এটা কথা শুনি যোৱা আজিৰ পৰা তোমাৰ স্কলাৰশ্চিপ বন্ধ মই প্ৰধান শিক্ষকক জনাই দিম তুমি যে তাৰ যোগ্য নহয় গুছি যোৱা চোৰ নহ’লে !
বিজয় বেজাৰ মনেৰে ঘৰ পালেগৈ
বায়েকে ইমান সোংকালে অহাৰ কাৰণ
সুধাত সি কান্দি কান্দি সকলো শেষ হৈ গ’ল বা এই বুলি কৈ কোঠাত গৈ সোমাই
বিচনাত বাগৰি হুকহুকাই কান্দিবলৈ ধৰিলে বায়েকে আকৌ কন্দাৰ কৰণ সুধিলে কি শেষ হৈ গ’ল মোক বুজাই কোৱা ভাই এনেকৈ তই কান্দি থাকিলে ময়ো কান্দি পেলাম ভাই কোৱা চোন কোৱা কিয় কান্দিছ আৰু তোৰ পৰীক্ষা তিনি ঘণ্টাৰ আছিলে তই দেখোন এক ঘণ্টাতে আহিলি কিয় ?
বিজয়ে বায়েকক সাবতি ধৰি উচপি উচপি কান্দিবলৈ ধৰিলে বায়েকেও উচপি উঠিল নেপথ্য সুৰেৰে ক’লেহে মই জানিম তই নকওঁ কিয় এইবুলি কৈ বায়েকে চকুপানী মচি দি নাকান্দিবা মই তোৰ বা সকলো কথা খুলি কোৱা কি বা হ’ল ? বিজয়ে নেপথ্য সুৰেৰে স্কুলত ঘটা সকলো ঘটনা বিবৰি ক’লে ! বায়েকে সান্ত্বনা দি কয় ভাই আকাশে তোৰ লগত অন্যায় কৰাৰ প্ৰতিফল অতি শীঘ্ৰে ভোগিব চাবা গুৰ মহাৰাজে ন্যায় কৰিবই ভৰষা কৰি গুৰু বন্দনা কৰা !
এনদৰে সময়ৰ টিকণিডাল আগলৈ গৈ থাকিল আজি ৰিজাল্ট ওলাব আকাশে ফূৰ্টি মনেৰে স্কুল পালেগৈ জাননী বৰ্ডৰ ওচৰত বিদ্যাৰ্থীৰ হুৱা দোৱা লাগিল কোনোবাই পাছ আৰুকোনোৱাই
ফেইল কৰিছে আকাশে কিন্তু জানিছিল যে এইবাৰ সি শ্ৰেণীত প্ৰথম হব কাৰণ বিজয় নামৰ স্পীড ব্ৰেকাৰটোক সি ভাঙি চুৰ্ণ বিচুৰ্ণ কৰি পেলালে এতিয়া ৰাস্তা চাফা সেইবাবে মিঠাইৰ ব্যৱস্থা আগৰপৰাই কৰি থৈছে লগ লগৰীয়া সকলক মিঠাই বিলোৱাত ব্যস্ত এনেতে প্ৰধান শিক্ষকে আকাশক মাতি পঠিয়ালে আকাশ উল্লাসেৰে প্ৰধান শিক্ষকৰ সন্মুখত উপস্থিত হ’ল ছাৰ মোক কিয় মাতিছিলে ? প্ৰধান শিক্ষকে তাক কাষত মাতি মৰমতে পিঠিত কিল এটা মাৰি কয় বঢ়িয়া আকাশ চিধাই বিজয়ক আউট কৰি দিলা আকাশে থতমত খাই ছা ৰ তা ৰ মানে প্ৰধান শিক্ষকে হাহি এটা মাৰি কয় কিয় থতমত খাইছা মই তোমাক এটা ভাল খবৰ শুনাম কি ভাল খবৰ ছাৰ ? আকাশে মাজতে মাতিলে সেইয়া মোৰ কথা সম্পৃৰ্ণ শুনি লোৱা তোমাৰ দৰে বাকী পথ হেৰোৱা বিদ্যাৰ্থী সকলেও যদি শুদ্ধ পথত পুনঃ উভতি আহে সচাঁকৈ দেশৰ উন্নতিয়ে হৈ যাব ! এতিয়া ভাল খবৰটো হৈছে যে বিজয়ে যিমান স্কলাৰশ্চিপ পাইছিল তাতকৈ দুগুণ বেছি তোমাক প্ৰতি মাহে দিয়া হব ! আকাশ মনে মনে ভাৱিলে কি মজ্জা তাৰমানে দবল নাই ফৰপুল কেপি খাবলৈ পাম প্ৰধান শিক্ষকে আকাশক যাবলৈ দিলে আকাশ আন্দত পগলা যেন হৈ লগৰ ল’ৰাসকলক কয় ব্ন্ধুসকল বলা পাৰ্টী খাম এই বুলি কয় আকাশহঁত হোটেলত সোমাই গৈ খাই বই সকলোৱে নিজ নিজ ৰাস্তা ধৰিলে !
আকাশ বাইকত বহি তীব্ৰ বেগেৰে ঘৰলৈ বুলি গতি কৰিলে ভাল খবৰ টো মা দেওতাক শুনাবলৈ চহৰীয়া পথ যান বাহনৰ যেন মেলাহে লাগিছে সৰু ডাঙৰ নানা বিধৰ গাড়ী মটৰ চলি আছে নিৰন্তৰ কোনেও কাকো চাবলৈ নাই কাৰো বাবে ৰবলৈ এক ব্যস্ততাপূৰ্ণ পথ !
সেই পথেদি আকাশ তীব্ৰবেগেৰে গৈ থাকোতে সঠাৎ আগফালৰ পৰা এখন ট্ৰাক নিয়ন্ত্রণ সেৰুৱাই আহি আকাশৰ বাইকক খুন্দিয়াই বহু দুৰলৈ ছিটিকী গৈ এফালে বাইক আনফালে মানুহ পৰিলে এক বিকট চিঞৰ শুনা গ’ল সেই সময়তে বিজয় চাইকে’লেৰে আহি আছিল সঠাৎ হোৱা এই দুৰ্ঘটনা বিজয়ে দুৰৰ পৰাই দেখা পালে কোন বাইক লৈ ছিটিকী পৰিল তাৰ তদন্ত লবলৈ আঘাটপ্ৰাপ্তজনৰ ওচৰলৈ চাইকে’ল পোনালে ওচৰত গৈ দেখে অ’ এয়া দেখোন আকাশ যিজনে তাৰ ভৱিষ্যতৎ ধ্বংস কৰিলে সেই আকাশ আজি নিয়তিৰ দ্বাৰা নিজ পাপ কর্মৰ যথাযথ শাস্তি পালে কিন্তু এনেদৰে আঘাট পাই তেজাতেজ হৈ থকা জনক সহায় নকৰাটো শুদ্ধ হব জানো মই যদি এইজনক সহায় নকৰো মাথো এইজন মোৰ শত্ৰু হোৱাৰ কাৰণে নাই নাই মই প্ৰতিশোধ লোৱা মানসেৰে আকাশক যদি সহায় নকৰো তেনেহলে আকাশ আৰু মোৰ মাজত কি পার্থক্য থাকিব সি মনে মনে ভাৱিলে কিন্তু ঠিৰাং কৰিবপৰা নাই সহায় কৰো নে নকৰো !
ইতিমধ্যে ঘটনাস্থলীত মানুহৰ জুম লাগিছে বিজয়ে যি হব দেখা যাব বুলি কয় আকাশক 108 মাতি চিকিৎসালয়লৈ লৈ যায় !
ডাক্তৰে লগে লঘে এমাৰজেংচী কোঠাত আকাশক লৈ যায় প্ৰায় এক ঘণ্টা পাছত ডাক্তৰে আহি কয় ল’ৰাজনৰ কংডিচন একেবাৰে বেয়া অতি বেছি ৰক্তপাত হোৱাৰ কাৰণে গতিকে এ গ্ৰুপৰ ব্লাড লাগে ইতিমধ্য আকাশৰ পৰিয়ালবৰ্গ আহি পাইছেহি মাক কন্দা কটা কৰি আছে বাপেক আহি সুধিলে তেজ যিমানে লাগে মোৰ দেহৰ পৰা উলিয়াই লোৱা কিন্তু মোৰ পুত্ৰক বছোৱা প্লিজ ডাক্তৰ লাগিলে মোৰ হকলো ধন সম্পতি দি দিম !
ডাক্তৰে ক’ লে মিঃ ৰয় আপোনাৰ ব্লাড কেনেকৈ দিব যিহেতু আপোনাৰ চুগাৰ ৰোগ আছে অন্য কিবা ব্যৱস্থা কৰক কিন্তু শীঘ্ৰে নহলে ল’ৰাক বছোৱা সম্ভৱ নহব এই কথা শুনি মঃ ৰয়ৰ মূখমণ্ডল শুকাই গ’ল নিজকে ধিক্কাৰে মই কিহৰ পিতা যি নিজ সন্তানক বছাব নোৱাৰো !
এনেতে বিজয়ে আহি কয় ডাক্তৰ চাহাব মই তেজ দিম বলক ডাক্তৰে তাৰ অবিভাৱৰ কথা সুধাত সি নিজকে নিজৰ অবিভাৱক বুলি কয় বলৱস্তি তেজ দিবলৈ গুছি যায় !
আকাশৰ বাপেকে দুই হাত যোৰ কৰি কয় সত গুৰু ৰবিদাস মহাৰাজ তোমাৰ মহিমা অপাৰ জয় গুৰুদেৱ !
এইফালে আকাশৰ মাকৰো কান্দি কাটি মুৰ্ছা যোৱা উপক্ৰম হৈছে তাৰ বাপেকে ধৈয্য ধৰি গুৰুক চিন্তিবলৈ কয় দয়োৱে হাত যোৰ কৰি আৰদাস কৰি থাকিল !
চাৰিঘণ্টামান পাছত ডাক্তৰে আহি ক’লে
আকাশ এতিয়া বিপদৰ পৰা দৰত লগ কৰিব পাৰে এই কথা শুন দুয়ো গুৰুজনাক ধন্যবাদ জনাই আকাশৰ ওচৰলৈ বুলি লৰ মাৰে মাকে গৈয়ে তাক সাবতি হুকহুকাই কান্দি উঠিল মোৰ সোণটো এয়া মোৰে কৰ্ম দোষ চাগে
আকাশে কান্দোনৰ সুৰত কয় নাই মা এয়া মই কৰা পাপৰ ফল যি মই আজি সুতে মূলে পালো , বাপেকে চখ খাই সুধিলে এয়া কি পাপৰ কথা কৈছা মোৰ সোণ ? আকাশে বিজয়ৰ লগত কৰা অন্যায়ৰ কথা বিবৰি ক’লে , কি তুমি এইবোৰ কি কৰিলা তুমি নিজ পৰিশ্ৰমত ফলাফল ভাল কৰা নাই অন্যায় কৰি পাইছা আনহাতে সেইজন ল’ৰাই তোমাৰ জীৱন ৰক্ষা কৰিলে নাই নাই তুমি এই ভূলৰ কাৰণে বিজয়ৰ ওচৰত ক্ষমা বিচাৰিবই লাগিব ! আকাশে নেপথ্যত কয় হয় দেউতা মই বিজয়ৰ অপৰাধী আৰু ছাৰহঁতৰ ওচৰত গৈ মই কৰা অপৰাধৰ কথা কম আৰু বিজয় নিৰ্দোষী বুলি জনাব লাগিব বলক দেউতা বিজয়কৰ ওচৰলৈ যাম আকাশ বিচনাৰ পৰা নামিব খৈজাত তাক হাক দিয়া পধ্যও আকাশ যেনেতেনে কৰি বিজয়ক বিচাৰি যায় কিন্তু ক’তো বিজয়ক দেখা নাপাই !
এক মাহৰ পাছত বিজয়ৰ ঘৰৰ কাষত এখন গাড়ী আহি ৰখিলে গাড়ীৰ মাত শুনি বিজয় পদূলি মুখলৈ আগবাঢ়ি যায় গাড়ীৰপৰা আকাশৰ লগতে তাৰ পিতা আৰু প্ৰধান শিক্ষকো আহিছে
বিজয়ে উচচপ খাই সুধিলে ছাৰ আপোনালোক ইয়াত আকাশ এইবাৰ মই কি দোষ কৰিলো ? আাকাশৰ দেউতাকে হাহি হাহি কয় নাই তুমি একো দোষ কৰা নাই দোষী আমিহে এনেতে আকাশৄ বিজয়ৰ ভৰিত ধৰি মোক ক্ষমা কৰা ভাই মই অজানিতে বহুত ডাঙৰ ভূল কৰিলো !
বিজয়ে নিজৰ সাধুতাৰ পরিচয়আকৌ দিয়ে আকাশক বুকুৰ মাজত সাবতি লয় ! প্ৰধান শিক্ষকে আগবাঢ়ি আহি বিজয়ৰ হাত কাগজ এখন দি কয় শুনা বহুত দিনধৰি স্কুলত উপস্থিত হোৱা নাই অহা কালিৰ পৰা স্কুলত তোমাক মই দেখা পাব লাগে লহলে কাঢ়া শাস্তি বিহিম মই নিয়মত নিষ্ঠুৰ সকলোৱে হাহিলে
এনেদৰে ন্যায় অন্যায়ৰ বিচাৰ হ’ল এতিয়া বিজয় অতি সুখী কাৰণ আকাশৰ দৰে ভাই আৰু মিঃ ৰয় নিচিনা পিতা পাই ! গতিকে বন্ধুসকল আমি কেতিয়াও কাৰো অহিত চিন্তা কৰিব নালাগে কাৰণটো এই গল্পটৈত পঢ়িলেই !
সমাপ্ত
লিখক – দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ