চিনাকী সুৰ এটা
কোমল অন্তৰ খুলি
বজাই প্ৰাণঢালি
কি যে সুন্দৰ বাঁহী !
ভাৰতভূমি মহান বুলি
গাই ৰাষ্ট্ৰীয় গানটি
অ মোৰ আপোনাৰদেশ
জাতীয় গানেৰ অসমী
আইক প্ৰণিপাত কৰা সুৰটি
আৰু এটা নিভাজ সুৰ
হিয়া উঠলি উঠা
শুনি মনত প্ৰণয় ফুলপাহ
পাহি মেলিলে
আকৌ এবাৰ শুনাৰ
হেপাঁহহৰে মই থমকি ৰৈ
পাছলৈ উভতি চালো
কমলৰ দৰে নয়ন যুৰি
চন্ৰমাৰ দৰে ফটফটিয়া মূখনি
মিচিকীয়া হাঁহিটি
দীপলীপ ছোৱালী এজনী
বহি সুৱাসিত ফুলনিত
বজাইছে মোহিনী বাঁহী
যেন ফুলনিৰ ফুল
বাঁহীত হৈ মচগুল
সুৰত তাল মিলাই
নাচিছে হালি জালি
ময়ো মুগদ্ধবিভোৰ হৈ
গলো ওচৰ চাপি
অলপ ক্ষণ চুচুক চামাক কৰি
শেষত সুধিলো
হেৰৌ মনমোহিনী
তোমাৰ নামটোনো কি ?
উত্তৰ দিয়ে মানে
এনেতে এছাতি মলয়া
বতাহ আহি উৰুৱাই
লৈ গ'ল ছোৱালীজনীক
মই থৰ লাগি চাই ৰলো শূন্যলৈ
কি যে নিষ্ঠুৰ প্ৰকৃতি
সজাই মায়া মনোমোহা
আৰু চাই ৰং
বিষাদময় মন লৈ
খোজ দিলো মই উভতি
হয় মই কিছুক্ষণ
লক্ষ্যপথৰ পৰা
দিশহাৰা হৈছিলো
আৰু নাযাও ভোল
কাৰো মায়াত
শপত খাইছো মই আজি !
কবি-দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ