কঢ়িয়াই আনে এক নৱ বাৰ্তা।
পূৱৰ ৰঙা বেলিটিলৈ চালেই
দুচকুত ভাহি উঠে এক মনোৰম দৃশ্য।
চৰাই চিৰিকটিৰ শুৱলা গীতে ,
পূৱাৰ ৰহণ সানে।
লগে লগেই নিদ্ৰা দেৱীয়েও লগ এৰে,
আৰু সকলো প্ৰাণী মছগুল হৈ পৰে নিজ নিজ কৰ্মত।
গতানুগতিক ভাৱে নিতৌ এনেদৰে ,
চলিয়েই আছে এই চক্ৰ আমাৰ জীৱনত।
আহ্…………
প্ৰকৃতিৰ কি যে এই লীলা-খেলা?
আৱেলিৰ হেঙুলী বেলিটো পশ্চিমৰ আকাশত ডুব যোৱাৰ আগতেই ,
সকলোতি প্ৰাণী হয় নিজ ঘৰ মূৱা ।
লাহে লাহে সন্ধিয়া নামি অহাৰ লগে লগে
ধূপ-ধূনাৰ সুগন্ধই আমোলমোলাই।
হৈ পৰে মতলীয়া
পুনৰাই আমাৰ এই ধুনীয়া ধৰা।
কবি-কিৰণ জয় চাওদাং।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ