বেবেৰিবাং

Rinku Rajowar
0
নিশা এক বাজিছে । নগেনে এজন ভ্ৰষ্টাচাৰী তথাকথিত নেতালৈ ফোন  লগালে । তিনিদিন ধৰি হিমচেচাঁ বতৰত এই নিশাখন কিবা জৰুৰী ফোন বুলি ভাবি লেপৰ তলৰ পৰা ওলাই ফোন ৰিচিভ কৰি নেতা- "হেল্ল !" লগে লগে নগেনে ফোন কাটি দিলে ।
পিছদিনা নিশা এক বজাত নগেনে আকৌ ফোন লগালে । নেতাই 'হেল্ল' বুলি কোৱাৰ লগে লগে নগেনে ফোনটো আকৌ কাটি দিলে । পিছদিনা আকৌ নিশা এক বজাত নগেনে ফোন লগালে । লেপৰ তলৰ পৰা ওলাই নেতাই ৰিচিভ কৰি -"হেল্ল !"
নগেন- "আপুনি কৰ পৰা কৈছে !" 
নেতা- "নৰকৰ পৰা কৈছো চাল্লা চুৱৰ ।"
নগেন- "তই ভুলতে কেনেবাকৈ স্বৰ্গলৈ গলি নেকি বুলিহে ফোন কৰিলো । নৰকখনেই তোৰ বাবে  ভাল ঠাই । তাতে থাক ।" নগেনে ফোনটো কাটি দিলে ।

 ✍সৌৰভ কুমাৰ বৰুৱা
 উঃ লখিমপুৰ
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)