আজি দহ ডিচেম্বৰ দুহেজাৰ ঊনৈশআজি দুলীয়াজান বন্ধ

Rinku Rajowar
0
(প্ৰণীতা দেৱী প্ৰধানৰ "আজি কোকৰাঝাৰ বন্ধ" কবিতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ)

আজি দহ ডিচেম্বৰ দুহেজাৰ ঊনৈশ
আজি দুলীয়াজান বন্ধ
'অইল ইন্দিয়া'ৰ প্ৰৱেশ দ্বাৰত আজি        
টায়াৰ জ্বলিব
পিপলতলৰ তিনিআলিটোত আজি চাব নালাগে
ট্ৰেফিক চিগ্‌নেল-
ৰঙা হালধীয়া সেউজীয়া।
লেচ্‌ জাৰি কৰা টপ্‌ আৰু জিন্‌চপেণ্ট পিন্ধা
ছোৱালী তিনি-চাৰিজনীয়া দল হৈ
টিউচনলৈ নাযায় আজি
বেছিকৈ হাঁহি হাঁহি।
অইল বজাৰ ফাচী বজাৰত আজি
ব্যস্ততা,কোলাহল নাথাকিব।
দুই এনজ পথাচাৰী ফুট্‌পাটত
দুই এখন ঠেলা অইল বজাৰৰ কাষত
দুই এখন বেটাৰী ৰিক্সাট
বাছ আস্থান নতুবা
ৰে'ল ষ্টেচন ৰোডত দেখা যাব।
বন্ধ মানেই বন্ধ আৰুঙ্গ
চেমনীয়া কিছুমানে চাইকেলত পিয়াপি দিব
আঠ নম্বৰ ষোল্ল নম্বৰ এক্কৈশ নম্বৰ
নতুনকৈ বাইক চলাব শিকা দুটামানে
ঘেৰেৰেং ঘেৰেৰেং....... কৰি বাইক দৌৰাব
অইল কলনিৰ ইমূৰ- সিমূৰ।
সন্ধিয়া গোটেই তৈল চহৰখনতেই জাৰি কৰা হ'ব
সান্ধ্য আইন,১৪৪, কাৰ্ফিও।
ৰামেশ্বৰহঁতৰ পোহনীয়া মৰমৰ কুকুৰ কেইটাই
টিপলিংত ৰামেশ্বৰক পহৰা দি বহি থাকিব
আৰু বিক্ষোভ দেখিলেই খালি কৰিব মেগ্‌জিন
বন্দুকৰ গুলিত ৰক্তাক্ত হ'ব
ওঁঠ চেপিলেই চাদা-গোটখা ওলোৱা কেইটাৰ
কেঁচা কলিজা


আজি দুলীয়াজান বন্ধ
ৰাস্তা-পথত ওৰে দিন সেনাৰ ফ্লেগমাৰ্চ চলিব
কুঁৱলীয়ে ঢাকিব সন্ধিয়াৰ আকাশ।
তাই কোনোকালে এইবোৰলৈ ভয় কৰা নাই
আৰু আজিও নকৰে
কুঁৱলীৰ আচ্ছাদন ফালি
অগ্নিশিখালৈ তাই ওলাই আহিব
মুক্তিৰ গান গাব শ্বহীদ বেদীৰ কাষত 
সোঁৱৰীব ৮০ ৰ  ১৮ জানুৱাৰীত
চৰকাৰী বাহিনীৰ তপত গুলি বুকু পাতি
তেজেৰে ৰাঙলী হৈ ঢলি পৰা
নৃপেন কুমুদ নগেন অজিতহঁতক।

 কবি- বিতু বুঢ়াগোঁহাই
 দুলীয়াজান, অসম
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)