আহিলে আঘোণ হয় সোণোৱালী
নিমাতী নিয়ৰৰ মায়াবী পৰশত
ৰঙীয়াল ৰ'দালিৰ নাচোন মনোৰমা পথাৰত
সোণগুটিৰ ভৰত চৌপাশে বিনন্দীয়া সাজোন-কাচোন
প্ৰতিফলিত হৈছেহি চহা জীৱনৰ সেউজী সপোন
জাক জাক দাৱনীবোৰে হাতত কাঁচি লয়
পথাৰমুৱা যাত্ৰা কৰে এখোজ দুখোজকৈ
লিহিৰি দুহাতেৰে মুঠি মুঠি কৰি
এডৰা দুডৰাকৈ চপাই সোণগুটি
আবেলি পৰত বিৰিয়াৰ ভৰত
হালি-জালি সোণগুটি ঘৰমুৱা হয়
ৰিণিকি ৰিণিকি অহা সুহুৰিৰ মাতত
পদূলিমুখত গৃহস্থই বাট চাই থাকে ৰৈ
বতাহত বিয়পে উলাহৰ ঢল
চোতালত ভৰি পৰে শাওনৰ কষ্টৰ ফচল
মেজি দিয়া মৰণা দিয়া আৰু বাও দিয়া
আঘোণৰ খদমদম বৰ মোহনীয়া সুখৰ এবুকু জোনাকত আত্মহাৰা হৈ
মাহেকৰ শেষত লখীমিক ভড়ালত আদৰি লৈ
প্ৰতিজন কৃষকেই ন খোৱা পাতে
আৰু প্ৰাপ্তিৰ আনন্দত ধৰাখনি ৰজনজনাই সৰ্বত্ৰে ।
কবি-টোলন তছা
জখলাবন্ধা, নগাওঁ ( অসম )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ