ইতিহাসৰ আজিৰ ভাৰত আৰু চাৰ্লি চ্যাপলিনৰ বক্তব্যৰ প্ৰাসংগিকতা

Rinku Rajowar
0
দুখন ভৰিত বিশাল আকাৰৰ জুতা। হাতত লাঠি, বিশেষ ভঙ্গিমাৰ গোঁফত গুজি ৰখা চুৰুট, গোল হেট, কলা দুখন চকু—ই আমাৰ পৰিচিত, প্রিয় চার্লি চ্যাপলিন। তেখেতৰ সম্পূৰ্ণ নাম চার্লছ স্পেন্সৰ চ্যাপলিন। চ্যাপলিনৰ উল্লেখযোগ্য চলচ্চিত্রঃ দ্য চার্কাছ, মডার্ন টাইমছ, দ্য কিড, চিটি লাইটছ, মঁছিয়ে ভেৰদু, দ্য গ্রেট ডিক্টেটৰ ইত্যাদি। কোৱা হয়, দ্য গ্রেট ডিক্টেটৰ (১৯৪০) হিটলাৰক ব্যঙ্গ কৰি নির্মিত। এই চিনেমা খনত চ্যাপলিনে এটি বক্তৃতা প্ৰদান কৰে। বহু বছৰ অতিক্ৰম কৰিলেও আজিও তেখেতৰ ভাষণটি প্রেক্ষিত। 

  খুবেই দুঃখীত, যদিও মই কেতিয়াও সম্রাট হ'ব নিবিচাৰো। এয়া মোৰ কাম নহয়। মই কাৰোবাক শাসন অথবা কাকো অধীনত ৰাখিবলৈ নিবিচাৰো। বৰঞ্চ মই সকলোকে পাৰ্যমানে  সাহায্য কৰিব বিচাৰো, লাগিলে সেয়া ইহুদী, খ্রীষ্টান, বগা-কলা যিয়েই নহওঁক কিয়।

 মানুহ মাত্রই এজনে আনজনক সহায় কৰিব বিচাৰে। পৰস্পৰে-পৰস্পৰক সুখী কৰাৰ মাজেদিয়েই জীয়াই থাকিব বিচাৰে। আনক কষ্ট দি আমি কেতিয়াওঁ সুখী হ'ব নোৱাৰো। কাৰোবাক ঘৃণা কৰিও সুখী হোৱাটোও সম্ভৱ নহয়। তাৰ সমান্তৰালকৈ এয়াও সত্য যে, পৃথিৱীটো হ'ল সকলো প্ৰকাৰ মানুহৰ। প্রভু ইয়াক যথেষ্ট সম্পদশালী কৰি সৃষ্টি কৰিছে। প্রতিটি প্রাণীৰ ভৰণপোষণৰ সামর্থ্য কেৱল এইখন পৃথিৱীমাতৃৰ ওচৰত। তাৰ ওচৰাওচৰি প্রভু আমাৰ প্রত্যকজনক স্বাধীন তথা সুন্দৰ জীৱন যাপনৰো অধিকাৰ দিছে।

 কিন্তু অতি দুর্ভাগ্য, আমি জীৱন যাপনৰ সেই স্বর্গীয় পথটি হেৰুৱাই পেলাইছো। লোভে মানুহৰ আত্মাক কলুষিত কৰিছে,  সমগ্ৰ বিশ্বত ঘৃণাৰ ছাঁয়া নিদাৰূণভাৱে বিয়পি পৰিছে, দুর্ভাগ্য! আমাৰ বিবেকক যুদ্ধৰ কড়ালগ্ৰাহত ঠেলি পঠিয়াইছো। আমি জীৱনৰ স্বাভাৱিক গতিত উভতিছো ঠিকেই, অথচ নিজেৰ মন-বিবেকক বন্দী কৰি পেলাইছো। যন্ত্রৰ আবিষ্কাৰ আমাৰ মাজত অপৰিসীম। জ্ঞানে আমাক হতাশাবাদী কৰি তুলিছে। লগতে আমালোকক নির্মম ও কঠোৰ কৰি তুলিছে। আমি অনেক কিবা ভাৱি থাকো, কিন্তু অনুভৱ কৰো খুবেই কম। সেয়েহে আমাৰ আধুনিকতাৰ অনুষঙ্গ নানানধৰনৰ যন্ত্রপাতিতকৈয়ো বেছি প্রয়োজন মানৱিকতা। বুদ্ধিতকৈয়ো বেছি প্রয়োজন আনৰ প্রতি মমতা ও বিনয়। এইবোৰ মানৱিক গুণ অবিহনে জীৱন দুর্বিষহ হৈ পৰিব, হেৰাই যাব অর্জিত আটাইবোৰ সম্পদ।

 উৰাজাহাজ অথবা ৰেডিঅই—বিশ্ববাসীক ওচৰ চপাই আনিছে, পৃথিৱীক গ্ল'বেলত পৰিণত কৰিছে । এইবোৰ আবিষ্কাৰৰ মূল উদ্দেশ্য আছিল মানৱকল্যাণ, বিশ্ব ভ্রাতৃত্ববোধ, সকলোৰ মাজত ঐক্যৰ বন্ধন। এইবোৰ আবিষ্কাৰৰ ফলতেই এই মুহূর্তত আমাৰ কণ্ঠ বিয়পি পৰিছে গোটেই বিশ্বৰ লাখ লাখ নাৰী-পুৰুষ, নিপীড়িত মানুহৰ মাজত। পৃথিৱীৰ যিখন প্রান্ততেই নহওঁক কিয়, মোৰ কণ্ঠ যাৰ কানতেই পৰিব, তাকেই কৈছোঃ ভাঙি নপৰিব, উঠক থিয় হওক, চকু মেলাই চাওঁক।

    আজি আমি যি দুঃসময়ৰ মাজেদিয়েই অতিবাহিত কৰিছো, মানৱকল্যাণ বিমুখ কিছু মানুহৰ ঘৃণা ও লালসাৰ কাৰণে চাৰিওফালে যি অন্ধকাৰে ছানি ধৰিছে, সেয়া অনন্তকাললৈ নাথাকিব। জনগণৰ পৰা কাঢ়ি লোৱা ক্ষমতা পুনৰ তেওঁলোকৰ হাততেই উভতি আহিব। আৰু মানুহৰ অস্তিত্ব যিমান দিনলৈকে টিকি থাকিব, আত্মাৰ স্বাধীনতাৰ আকাঙ্ক্ষাও সিমান দিনলৈকে জীয়াই থাকিব মানুহৰ অভ্যন্তৰত। 

সৈনিক ভাতৃবৃন্ধক কৈছোঃ তোমালোকৰ অধিনায়ক সকলে তোমালোকক দাস বুলি ভাৱে। তেওঁলোকে তোমালোকৰ জীৱন নিয়ন্ত্রণ কৰে, তোমালোকে কি কৰিবা, কি নকৰিবা, কি ভাৱিবা, কি অনুভৱ কৰিবা—এনেধৰনৰ আটাইবোৰ নিয়ন্ত্রণৰ চেষ্টা কৰা, তোমালোকৰ সৈতে গবাদিপশুৰ দৰে ব্যৱহাৰ কৰে। তেওঁলোকৰ ওচৰত তোমালোকৰ নিজৰ বিবেকক বিক্ৰি কৰি নিদিবা। এইবোৰ কৃত্রিম মানুহৰ হৃদয় বুলিলে একোৱেই নাই, যান্ত্রিকভাৱেই তেওঁলোকে ভাৱে, জানে। কিন্তু তোমলোকতো যন্ত্র নোহোৱা। তোমলোক গবাদিপশু নোহোৱা। তুমি মানুহ। তোমালোকৰ হৃদয়ত মানুহৰ বাবে প্ৰেম-ভালপোৱা সঞ্চিত কৰি ৰাখিছা। মানুহক তোমালোকে ঘৃণা কৰিব নোৱাৰা। তোমলোকে বৰঞ্চ ঘৃণা কৰা মিথ্যা তথা যান্ত্রিকতাক। সেয়াই কৈছো, সৈনিক ভাই সকল, দাসত্বৰ বাবে যুদ্ধ নকৰিবা, বৰঞ্চ যুদ্ধ কৰা স্বাধীনতাৰ বাবে।

  যিসকল সাধাৰণ মানুহ, তেওঁলোকক কৈছোঃ তোমালোকৰ যেনেদৰে নতুন নতুন যন্ত্রপাতি আবিষ্কাৰৰ ক্ষমতা আছে, তেনেকুৱা তোমালোকেই পাৰা সুখৰ সন্ধান দিবলৈ। তোমালোকৰ আছে জীৱনক স্বাধীন তথা সুন্দৰ কৰি তোলাৰ ক্ষমতা। জীৱনক এক ৰোমাঞ্চকৰ অভিযাত্রা কৰি তোলাৰ ক্ষমতা। সেয়েহে আহা, আমি ঐক্যবদ্ধ হও, সংগঠিত হও। এক নতুন, স্বর্গীয় পৃথিৱী গঢ়ি তুলো। এই যুদ্ধ তাৰুণ্যক দিব এক নিশ্চিত ভৱিষ্যৎ, বার্ধক্যক দিব চিৰনিৰাপত্তা। আহা, এই যুদ্ধৰ নামত প্রতিজ্ঞাবদ্ধ হও।

 আহা, যুদ্ধ কৰো স্বাধীন এটি পৃথিৱীৰ বাবে। অতিক্রম কৰি যাও দেশ-কালৰ বাধাৰ পৰা। ভাঙি দিও লোভ, ঘৃণা, অসহিষ্ণুতাৰ জাল। যুদ্ধ কৰো এনে এটি পৃথিৱীৰ বাবে, য'ত যুক্তি ও বিজ্ঞানে মানুহক আগুৱাই যোৱাত পথ দেখাব। মানুহৰ এই অগ্রগতিয়েই তাক সুখী কৰি তুলিবলৈ সক্ষম হ'ব আৰু আগুৱাই যোৱাৰ আকাংখাই মানুহক সুখী কৰি তুলিব। এনে এটি সুখী জীৱনৰ বাবে আমি একত্রিত হও।

 মনত ৰাখিবা, বৃষ্টি কোনো একসময়ত কাটি গৈ, সূর্যই পোহৰ বিয়পাব। আমিয়েও তেনেকুৱাই অন্ধকাৰৰ শিকলি ভাঙি পোহৰৰ মুখামুখি হও। আমি এক নতুন পৃথিৱী গঢ়ি তুলিম। আমি এনে এক স্নিগ্ধ উজ্জ্বল পৃথিৱী গঢ়ি তুলিম, য'ত মানুহ তাৰ লোভ, নিষ্ঠুৰতাক পিছ পেলাই আগুৱাই যাব, এৰাই চলিব নিজকে। মানুহৰ আত্মাক দূৰ-দূৰান্তৰ চলন ক্ষমতা দিছে প্রভুই। সেয়েহে শেষ পর্যন্ত সি তাৰ পাখি উজাৰি দিবই। সি উড়ি যাব ৰঙিন ৰংধনুৰ ফালে, নতুন আশাৰ ফালে, উজ্জ্বল ভৱিষ্যতৰ দিশে। এনে অসীম ক্ষমতাধৰ আত্মা বিৰাজ কৰে তোমালোকৰ, আমাৰ, আমালোকৰ সকলোৰ মাজতেই। সেয়েহে হতাশা ন'হবা, বৰঞ্চ সাহসী হোৱা বন্ধু।

 ✍ হাফিজ বায়েজীদ বোস্তামী
    চলভাষঃ ৭০০২৮৫৫৬৪৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)