মোৰ দেশ আপোন দেশ

0
আকাশ নীলা 
সোণালী ধৰা

ফুলনিৰ ফুল 
নাচিছে হালি জালি

পাহাৰৰ নিজৰা 
নামিছে কুলকুল কৰি
বসন্ত আহিলে কুলিয়ে বিহুনাম জুৰে !

গছে মেলে কুঁহিপাত 
শাওণৰ মাহত 
বাৰিষাৰ বাণত
মেলি দিওঁ আশাৰ নাও

কাতি মাহত বিহু কঙালী
সকলোৱে কুশলে মংগলে

থাকক বুলি তুলসী তলত
লগাওঁ চাকি বন্তি


আঘোণ মাহত লখিমী আদৰো
মাঘত ভোগালীৰ ভোগ
ফাগুণৰ ফাকুৱাত
সানো ৰং ঐক্যতাৰ !

নান ভাষা, ধৰ্ম আৰু কৃষ্টি
যদিও গঢ়ে সম্প্ৰীতি

সুন্দৰ সুন্দৰ যুৱক যুৱতী 

ক'ত ৰসাল প্ৰেম কাহিনী
মধুৰ গৰখীয়াৰ বাঁহীৰ সুৰ

শুনি মন মুগ্ধ মোৰ
ভিন্ন উৎসৱ মেলা

ভিন্ন  সুস্বাদু মিঠাইৰ ঠেলা !


ৰঙচঙীয়া পুতলা 

শিশুৰ কোমল হাতৰ স্পৰ্লত
পাই প্ৰাণ নাচে ককাল ভাঙি

জোনাকৰ ৰাতি 
চোতালত মেলি ঢাৰী পাটি

আইতাই শুনাই ক'ত ৰসাল কাহিনী

আমাৰ দেশত অতিথি দেৱ বুলি 

বৰপীৰাত বহাই সৎকাৰ কৰো আমি !


নামঘৰ , গুৰুদ্বাৰা , মন্দিৰ , মছজিদ , গীৰ্জা

শুনো পুৱা গধূলী ইশ্বৰ বন্দনা গীত 
আমাৰ দেশৰ নাৰী শক্তিক 
কৰো আমি নমন
মা দেউতাৰ মৰম
ককা আইতাৰ চুম্বন 
আছেনে কৰবাত ?

দেশ আন এখন !


কিন্তু এতিয়া CAA নামৰ 
শত্ৰুটোৱে কৰিছে বিভেদৰ সৃষ্টি 

এতিয়া আমি সংকটত 
জাতি মাটি  কলা কৃষ্টি

এতিয়া আৰু সময় নাই
জয় আই অসম ধ্বনিৰ
শ্লোগানত আকাশ নভ কঁপাই

লাচিতৰ দেশৰ বীৰ সন্তান 
তুমি আহা ওলাই

অসমী আইক প্ৰণিপাত জনাই
যাম CAA বিৰুদ্ধে আন্দোলন চলাই !!

 কবি- দুলাল ৰবিদাস
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)