ৰণডংকা

Rinku Rajowar
0
আই অসমীৰ বিপদ ধব্বনি
আকৌ যুদ্ধ কৰিবই লাগিব
নহ'লে যে ৰক্ষা এইবাৰ নাই
ৰণলৈ টঙালি বান্ধি সাজু হবলৈ
 আই অসমীৰ যে কাতৰ বিননি।

জাতিৰ হকে দহৰ হকে
সৰ্বজনৰ হকেএঘড়ী যুঁজাৰ
শেষ ৰণধব্বনিৰ হুংকাৰ
গুঞ্জৰিত হব চৌদিশৰ পৰা।

বিচ্ছিন্নতাৰ কৰাল হাতোৰাক
প্ৰতিহত কৰিবৰ সময় হ'ল
শুই থাকিলে হব জানো!
একতাৰ জৰীৰে আই অসমীক
বান্ধিবলৈ সেনাপতি হবই লাগিব।
অজাত শক্তিক নাশ কৰিবলৈ
বীৰ যোদ্ধা হবই লাগিব
মাৰ বান্ধি এঘড়ী ভালকৈ
যুঁজ শাসকৰ লগত। 
ৰণলৈ টঙালি বান্ধি প্ৰয়োজনত
পুনৰ হাতত হেংদাং ধৰ
তেহে সুৰক্ষিত হব আইৰ বুকু।

কবি-নবীন কুৰ্মী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)