বসন্ত ঋতুত মন হয় উতলা
ভোগালী বিহুটিত সকলোৱে খোৱা লোৱা
নানাবিধ নতুন নতুন - - - - - -- -
কি যে সোৱাদ ।।!
পিছে এইখন অসম আজি
চৌদিশে হাহাকাৰ খিলঞ্জীয়াৰ
কেনেকৈ লব ভোগালীৰ সোৱাদ ? ? ?
এফালে শান্তি সমদল
আৰু আনফালে জনতাৰ প্ৰতিবাদ ।
হৃদয়ে হৃদয়ে কেবৰ দপদপনি ।
কি দিব আমাক ? ? ?
হৃদয়ে কৰে হাহাকাৰ ।
প্ৰজাৰ বাবেই ৰজা
অশান্ত আজিৰ অসম
লব জানো পাৰিব ভোগালীৰ আমেজ।
কেনেকৈনো কৰিব বিদেশীক
জাতি -মাটি -ভেটি সকলো অৰ্পন ?
এটা এটাকৈ সপি দিব জানো পাৰিব
আনৰ হাতত ?
জাগিছে জনতা চৌদিশে
উঠিছে কঁপনি বুকুতে - - - - - - ।
ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ