মহাযাত্ৰাৰ অন্তত

Rinku Rajowar
0
আজন্ম তুমি মোৰ সহচৰ
আমৃত্যুও তোমাৰ অঘোষিত অধিকাৰ ।
এটা প্ৰশ্ন বহুবাৰ কৰিছো নিজকে
তুমি মোৰ কান্ধত উঠি আছা
নে  মই তোমাৰ কান্ধত ?
যেন এখন মায়াজাল !
উত্তৰহীনতাৰ বিপৰীতে উত্তৰ বিচাৰি
তোমাৰ ভিতৰলৈ আৰম্ভ কৰিলোঁ
এক মহাযাত্ৰা অতি সংগোপনে
তুমি নজনাকৈ কোনেও নজনাকৈ ।
মৰসাহৰ কঠিন যাত্ৰাত দেখিছো
ফটফটীয়া পানীৰ তলত
মোক প্রলোভনৰ বাবে
ৰহস্যময় তোমাৰ ভানুমতিৰ খেলা ।
দেখিছো তোমাৰ অবাধ বিচৰণ
কেৱল অতীত আৰু ভৱিষ্যত
ভাল আৰু বেয়াৰ মাজত ।
পৰিধিৰ সিপাৰে
তোমাৰ সর্বাংগত পক্ষাঘাত ।
আৰু দেখিছো
তোমাৰ কান্ধৰ অদৃশ্যমান জোলোঙাত
মোৰ সমস্ত অমানিশাৰ জোন ।
দেখিছোঁ মোৰ কান্ধত উঠি
আঙুলিৰ ঠাৰেৰে তুমি
কাক নচুৱাই আছা !
অৱশেষত 
তোমাৰ অভ্যন্তৰৰ পৰা ওলাই
তোমাক মোৰ কান্ধৰ পৰা নমাই থলোঁ 
তোমাৰ কান্ধত এতিয়া মই
হাতত মোৰ ৰিং মাষ্টৰৰ চাবুক ।
কিয়নো তোমাৰ আচৰণ
মাথোঁ বান্দৰৰ এটা নামান্তৰ ।

কবি- সৌৰভ কুমাৰ বৰুৱা
 উঃ লখিমপুৰ
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)