সকলো উভতি আহিল

Rinku Rajowar
0
দুৱাৰ কঁপাই এচাটি 
বতাহ উভতি আহিল,
যি বাটেৰে আগেয়ে আহিছিল 
ৰাতিৰ চৰাই 
সেই বাটেৰেই উভতি আহিল 
বিকট কিৰিলি পাৰি ৷ 

শুকান নিশাহ পাবলৈ 
লেৰেলা ফাগুন উভতি আহিল,
উভতি আহিল প্ৰিয় 
পলাশীৰ ৰঙাবোৰ ৷

ক'ত বছৰৰ পাছত 
আজি এই 
সন্ধিয়া উভতি আহিল,
তাইৰ হাতৰ
মাতাল আঙুলি শিখাত 
মোৰ হাত ধৰি 
নিজকে পাহৰি যোৱাৰ 
সময় ৷

সকলো উভতি আহিল
ৰাতি নদীৰ 
ঢৌবোৰ 
বতাহত উৰি উৰি আহিছে..
নদীখন চাপি চাপি 
আহিছে !
মোৰ জীৱন 
উপকূলৰ এজোপা গছ
কেৱল বতাহৰ পহৰীয়া ৷

আকৌ সপোন বান্ধিছো
এটাৰ পিঠিত আন এটা সপোন!
পুনৰ জী উঠিছো 
উভতি অহা প্ৰেয়সীক চাবলৈ ৷

🔰প্ৰণৱ খাৰজাৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)