বিষ

Rinku Rajowar
0
আকৌ উজাইছে বিষটো,
বৰকৈ ডাঠ হৈ বেৰিছে নিঃসংগতাই___
এৰি যে গ'লা,
অলিয়া-বলিয়া কৰি মোৰ সেউজীয়া হিয়া____
মোৰ যে সমস্ত সমৰ্পণ তোমাতে বদ্ধ,
আবদ্ধ কৰা দিনৰে পৰা মোৰ ভালপোৱাক_____
পিঠি দিলে তোমাৰ চিঠি বোৰে মোৰ,
আঁকিলা বিদায়ৰ ৰূপৰেখা তুমি_____
এনেই এতিয়া বিছনাখন ৰখো,
বাগৰি ৰও দুচকুত ডাৱৰ পূৰাই_____
বৰষুণজাক নামে চকু ফালি,
তিতি বুৰাই মোৰ শিতানটো____
যি নহওক,
সময় পালে আহিবা,
চিৰদিনৰ নহলেও,
আলহীৰ পোছাকতে !!

✍️প্ৰিয়ংকা প্ৰিয়া ভূঞাঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)