আপুনি জানেনে সহজে সফল হোৱাৰ ৰহস্য কি ?

Rinku Rajowar
0

বৰ্তমান যুগটো হৈছে প্ৰতিযোগীতাৰ যুগ আৰু প্ৰতিযোগীতা মানে হ’ল কাৰ কিমান কেপাব্লিটি তথা টেলেন্ট আছে যাৰ আছে সেইজনে আজি সফল ব্যক্তি হব পাৰে ৷

কিন্ত এতিয়া কথা হ’ল যে পৃথিৱীৰ কিমান সংখ্যক  লোক নিজৰ সপোন অনুযায়ী সফল হব পাৰিছে ৷ 
এতিয়া পশ্ন হ’ল এজন সফল ব্যক্তি কাক বুলি কোৱা হয় ? 
এই প্ৰশ্নৰ উত্তৰ বহুত ধৰণে দিব পাৰি 
উদাহৰণস্বৰূপে মই সৰুৰেপৰাই এজন লিখক হোৱাৰ সপোন দেখিছিলো আৰু মই সেই সপোন বাস্তৱত পৰিণত কৰিলো এখন কবিতা পুথিৰে ৷ গতিকে বৰ্তমান মই সফল ব্যক্তি ৷ কিন্ত মই কোৱাৰ দৰে  কথাটো সহজ নহয় ৷ এজন ব্যক্তি সফলতা অৰ্জন কৰাৰ আঁৰত থাকে বহুতো কষ্ট , পৰিশ্ৰম আৰু সংঘৰ্ষ ৷ উদাহৰণ হিচাপে মই নজকে লব পাৰো যেতিয়া মই কিতাপখন ছপোৱাৰ চিন্তা কৰিছিলো তেতিয়া মোৰ আৰ্থিক সমস্যাই বাধাৰ সৃষ্টি কৰিছিল কিন্ত মই এই সমস্যা কেনেকৈ সমাধান হব তাৰ বাবে মই বহুকেইজনৰ কাষ চাপিলো কিন্ত একো সমাধান নাপালো তথাপিও মই মোৰ লক্ষ্যত  দৃঢ় ৷ শেষত কলেজৰ প্ৰিঞ্চিপালৰ কাষ চাপিলোঁ আৰু মোৰ কিতাপ ছপোৱাৰ কথাটো জনালোঁ আৰু কলেজপক্ষই কিতাপখন ছপাবলৈ আৰ্থিক অনুদান আগবঢ়ালে অন্তত কিতাপখন ছপাবলৈ মই সক্ষম হ’লো ৷ গতিকে ইয়াৰ পৰা জনা গ’ল যে সমস্যা যিমানে ডাঙৰ নহওক কিয় তাৰ সমাধান থাকিবই সময় লাগে কিন্ত সমাধান আছে ৷ 
তাৰ উপৰিও পৃথিৱীৰ মহান বৈজ্ঞানিক থমাছ এলভা এডিচনৰ কথা কব পাৰি  এই মহান বিজ্ঞানীজনে বা্ল্ব আৱিষ্কাৰ কৰোঁতে এহাজাৰ এবাৰত বাল্ব জ্বলাাবলৈ সক্ষম হৈছিল ৷ আন এটা উদাহৰণ হ’ল  ভাৰতীয় প্ৰখ্যাত ব্যৱসায়ী ধীৰুভাই আম্বানী এখেত প্ৰথম অৱস্থাত পেট্ৰল পাম্পত কাম কৰিছিল কিন্ত নিজৰ কৰ্মদক্ষতাৰে পৃথিৱীৰ এজন আগশাৰীৰ সফল ব্যক্তি হিচাপে গঢ়ি তুলিছিল ৷
এতিয়ালৈকে গম পোৱা গ’ল যে এজন সফল ব্যক্তি কাক বুলি কোৱা হয় ৷
গতিকে এতিয়া আন এটা প্ৰশ্ন হ’ল যে সহজে সফল  কেনেকৈ হব পাৰি ? আৰু সফলতা অৰ্জন কৰাৰ প্ৰিঞ্চিপাল কি ?
এই পশ্ৰৰ উত্তৰ কেইটা  মই আগবঢ়াইছো
এজন ভাল সফল ব্যক্তি হবলৈ হ’লে কেইটামান প্ৰিঞ্চিপাল মানি চলিব লাগিব 
১ , সফল হোৱাৰ প্ৰথম প্ৰিঞ্চিপালটো হ’ল
GOAL চেটিং  GOAL ৰ সম্পূৰ্ণ অৰ্থ হ’ল Go on achieve luxury অৰ্থাৎ যোৱা আৰু নিজৰ লক্ষ্য প্ৰাপ্তি কৰা ৷ 
এতিয়া আপোনাৰ মনত  GOAL চেটিং কি ? এই পশ্নৰ উদয় হৈছে ৷
GOAL চেটিং হ’ল আপোনাৰ সপোন কি ? আপুনি জীৱনৰ লক্ষ্য কি নিৰ্ধাৰণ কৰিছে  তাকে আপুনি এখন টোকাবহীত স্পষ্টকৈ লিখিব বা চিত্ৰ লগাব উদাহৰণ আপুনি যদি এখন  সপোনৰ ঘৰ সাজিব বিচাৰিছে তেন্তে মনত উদ্ভৱ হোৱা ঘৰৰ চিত্ৰ লগাব এইয়াই হৈছে GOAL চেটিং ৷
২ , সহজে সফল হোৱাৰ আন এটা প্ৰয়োজনীয় প্ৰিঞ্চিপাল হ’ল তিনিটা  V এই তিনি V ৰ ব্যৱহাৰ কৰাৰ প্ৰণালী হ’ল 
( ক ) ভিজব্যলাইজেচন -  প্ৰথমে সপোনট খোলা দৃষ্টিৰে বা কল্পনা শক্তিৰে চাব লাগিব 

(খ ) ভাৰ্ৱালাইজেচন -  মৌখিকভাৱে আনৰ আগত ব্যক্ত কৰা ৷
 গ ) ভাইটালাইজেচন -  সপোনটো সজীৱ কৰি তোলা ৷ অৰ্থাৎ হাতে কামে কৰা ৷
গতিকে এই তিনি V ভি কৰিলে সফলতাৰ কাষ চাপিব পাৰি ৷ নিয়মটো সহজে বুজাবলৈ মই লিখা কিতাপখনৰ উপমা লৈছো যেতিয়া মই কিতাপৰ কামত আগবঢ়াৰ আগতে কিতাপখনৰ ৰং ৰূপ , আকৃতি, পেজ কিমান হব এই সকলোখিনি মই প্ৰথমে মনতে সজাই লৈ আনক কৈছিলোঁ যে মই কিতাপ এখন লিখি আছো আপুনি পঢ়িবলৈ পাব ৷
আৰু তেনেকৈ হাতে কামে মই লাগি শেষত কোৱাৰ দৰে ৰাইজৰ আগত তুলি দিবলৈ সক্ষম হৈছিলো ৷ 
কিন্ত ইয়াৰ বাহিৰেও আটাইকেইটা প্ৰিঞ্চিপালৰ মুখ্যমন্ত্ৰী হৈছে আকৰ্ষণৰ সিদ্ধান্ত এই আকৰ্ষণৰ সিদ্ধান্ত নো কি ? এই ৰহস্যৰ ভেদ কৰিম দ্বিতীয়টো খণ্ডত আশা কৰোঁ এই লিখনিয়ে আপোনাক সফলতা অৰ্জন কৰাত সহায় কৰিব ৷

🔰দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)