প্ৰতিদান

Rinku Rajowar
0
দুৰুদুৰুকৈ বুকুখন কঁপিছে 
অগোচৰে আছিল তাৰ প্ৰতি মোৰ কিম্বা 
মোৰ প্ৰতি তাৰ প্ৰেমৰ গভীৰতা । 
বিদায় পৰত মোৰ দুচকুত চকুলো 
কোনোমতে বাধা দি ৰাখিছো 
যিহেতু মই যে পুৰুষ ! 
কণ্ঠনলীত কিবা এটাই 
সোপা মাৰি ধৰা যেন লাগিছে 
বোবা হৈ পৰিছো । 
কোনো প্ৰতিদান নিবিচৰাকৈ স্বাৰ্থৰহিত ভাবে 
সি মোৰ তৃতীয়তো মৌলিক প্ৰয়োজন 
পূৰণ কৰি আহিছিল । 
কালিলৈকে প্রতিটো নিশা 
তাৰ বুকুত নিজকে এৰি দিছিলো
 প্ৰতিটো দিন দপদপাই আছিলো 
গভীৰ নিৰাপত্তা আছিল তাৰ বুকুখনত
যোৱাৰ পৰত কৃতজ্ঞতা আৰু ধন্যবাদৰ বাদে 
তাক দি যাবলৈ মোৰ একো নাই 
মোৰ কলিজাৰ এডৰা মাটি 
তাৰ বাবে নিগাজীকৈ থৈছো ।

  🔰সৌৰভ কুমাৰ বৰুৱা
    উঃ লখিমপুৰ
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)