বাহ এৰি পখী গণে
জাকে জাকে উৰা মাৰে
শুকুলা মেঘৰ মাজে মাজে
সুৰ তুলি তালে তালে ৷
সুৰুজৰ এচাটি পোহৰ পৰি
জিলিকি উঠিছে দেউকাৰ পাখী
মলয়া বতাহজাকে কাণে কাণে মনে মনে
ফুচ ফুচাই কৈছে কিবাকিবি ৷
সেউজী ধৰণীয়ে উল্লাসতে
নাচিছে ছেও ধৰি
ময়ুৰেও তাল মিলাই
নাচিছে দেও দি ৷
সোণালী ধাননিত
পৰি বতাহ চৰাই জাকে
হেপাঁহ পলোৱাই খাইছে
আঘোণৰ পকা পকা ধান ৷
গগণচুম্বী উৰা মাৰিছে পখীগণ
তাকে দেখি শুকুলা আকাশত
উৰি ফুৰিব খোজে মোৰ মন
ছিঙি সমাজৰ ৰীতিনীতি ৷
কবি - দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ