বেবেৰিবাং

Rinku Rajowar
0
"ডাল্ব উদ্ভাৱন"
লখিমপুৰ ১২ ফেব্ৰুৱাৰী : (প্ৰতিবেদক-সৌৰভ কুমাৰ বৰুৱা)ডেভিড কাঞ্চন নামৰ এজন অতি সাধাৰণ ইলেকট্ৰিচিয়ান যুৱকে এক যুগান্তকাৰী উদ্ভাৱনৰ জৰিয়তে সমগ্ৰ লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । কাঞ্চনে দুবছৰ অহোপুৰুষাৰ্থ ৰ অন্তত পোহৰৰ মাজত এন্ধাৰ সৃষ্টি কৰিব পৰা অসাধাৰণ বাল্ব উদ্ভাৱন কৰি সমগ্র ভাৰতবৰ্ষৰ লগতে বিশ্বত খলকনি তুলিছে । এই বাল্বটোৰ বিশেষত্ব এয়ে যে ইয়াত বিদ্যুৎ সংযোগ কৰাৰ লগে লগে বাল্বটোৰ পৰা চাৰিওফালে নিৰ্ধাৰিত এলেকাত পোহৰৰ সলনি ঘনঘোৰ এন্ধাৰ বিয়পি পৰে । প্ৰয়োজন অনুসৰি এন্ধাৰৰ ঘনত্ব কম-বেছি কৰিবলৈ বাল্বটোত বিশেষ নিয়ন্ত্ৰক বা ৰেগুলেটৰৰ ব্যৱস্থা আছে । মুকলি আকাশৰ তলত ৰ'দৰ পোহৰৰ মাজত এন্ধাৰ সৃষ্টি কৰি চিনেমাত নিশাৰ দৃশ্যৰ শ্বুটিং গ্ৰহণ, দিনতে নিশা সৃষ্টি কৰি ভাওনা থিয়েটাৰৰ অভিনয় আদি কৰিবলৈ এই বাল্বটো অতি উপযোগী হ'ব । তাৰোপৰি যিসকলৰ দিনত শুবলৈ ভাল পায় সেই সকলে কোঠাত এই বাল্বটো জ্বলাই লৈ  নিশাৰ দৰে গভীৰ টোপনিত নিমগ্ন হ'ব পাৰিব । কোনো বিজ্ঞানীয়ে এই ক্ষেত্ৰত সফল নোহোৱা এটা জটিল উদ্ভাৱন এইজন সাধাৰণ ব্যক্তিয়ে সফল হোৱাত সমগ্ৰ বিশ্বৰ বিজ্ঞানী আৰু বিদ্যুৎ মহল স্তম্ভিত হৈ পৰিছে । উদ্ভাৱক গৰাকীয়ে কয় যে এই বাল্বটোৱে আনকি যুদ্ধক্ষেত্ৰত সামৰিক বাহিনীয়ে শত্ৰুক বিভ্ৰান্ত কৰিবলৈও সক্ষম হ'ব । 
  ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদিকে ধৰি বিভিন্ন স্তৰৰ লোকে উদ্ভাৱক গৰাকীক তেওঁৰ অসাধাৰণ কাৰ্যৰ বাবে অভিনন্দন জনাইছে । ইচৰোৰ সঞ্চালক প্ৰধানে এই উদ্ভাৱনৰ দ্বাৰা  মহাকাশ যাত্ৰাত মানৱ প্ৰেৰণৰ ক্ষেত্ৰত যথেষ্ট সুচল হ'ব বুলি একমুখে স্বীকাৰ কৰি ডেভিদক ছমাহৰ বাবে ইচৰোলৈ প্ৰশিক্ষণৰ বাবে নিমন্ত্ৰণ জনোৱাৰ লগতে দহ লাখ টকাৰ অনুদান আগবঢ়াইছে । পোহৰৰ মাজত এন্ধাৰ সৃষ্টি কৰা বাবে এই সঁজুলিটোৰ নাম বাল্বৰ সলনি 'ডাল্ব' ৰখা হৈছে বুলি উদ্ভাৱক গৰাকীয়ে জানিবলৈ দিছে । ভাৰতকে ধৰি বিশ্বৰ বৃহৎ বৃহৎ কেইবাটাও কোম্পানীয়ে  এই ডাল্ব ৰ উৎপাদন আৰু ব্যৱসায়ৰ লক্ষ্যৰে ইয়াৰ প্ৰযুক্তিৰ বাবে দহ মিলিয়ন ডলাৰ চুক্তি কৰিব বিচাৰি যোগাযোগ কৰিছে যদিও এই পৰ্যন্ত পেটেণ্ট লাভ নকৰাৰ বাবে ডেভিদে কাৰোৰে সৈতে চুক্তি সম্পাদন কৰাৰ ইচ্ছা প্ৰকাশ কৰা নাই ।।

🔰 সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)