আত্মপ্ৰত্যয়

Rinku Rajowar
0
সময় সলনি হয়
ন-কুঁহিপাত মেলে যৌৱনে
বুকুত পৰি ৰয় এমুঠি
সৰাপাতৰ উচুপনি...
ডাঠ কাগজত কৃত্ৰিম প্ৰলেপ সানি 
হৃদয়ত...
আৰি দিয়া  আজন্ম দুখবোৰ
চকুলোৰে সুঁতি সাজি
নিগৰি নিগৰি বয়... নিৰন্তৰ
অন্তৰৰ অপ্ৰকাশিত 
কথাবোৰ...
অপেক্ষাৰত জীৱনবোধ
দুটি ওঠ খামুচি 
আৰ্তনাদ কৰি উঠে সপোনবোৰে//
"ৰোমন্থন"
প্ৰত্যাখ্যানৰ মহূৰ্ত বোৰ...
জীৱনৰ অন্তিম ক্ষণবোৰ
হাহাকাৰ কৰি উঠে...কঠিন বাস্তৱে
নিৰৱে.....
এই মাটি,পানী ,বায়ুত 
ক'ত বাৰ যে আয়োজিত হয় ?
এটি "আখৰা"
মৃত্যুৰ আখৰা !!!

🔰নৃপেন ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)