ৰবৰ্ট গৰুৰ কাহিনী

©Admin
0

বাটত চহকী ব্যক্তিজন গৈ আছে এনেতে বামুণ এজনৰ মুখামুখী হ'ল ৷ বামুণে কলে হেৰৌ তোমাৰ ল'ৰা বলিয়া হৈছে ৷

চহকী ব্যক্তিজনে হয় বাবা মোৰ ল'ৰা বলিয়া হৈছে সেয়ে সত্য বুলি দুখমনেৰে  কলে ৷ বামুণে কলে দুখ নকৰিবা মই তোমাক এটা চমৎকাৰী গৰু দিছো আপুনি ঘৰলৈ লৈ যাবা এই বুলি বামুণে চহকী মানুহজনক গৰু এটা আনি দিলে৷ চহকী ব্যক্তিজনে চমৎকাৰী গৰু লৈ আনন্দমনে ঘৰলৈ গ'ল ৷  তাৰ পাছত গাঁৱৰ মানুহে চমৎকাৰী গৰু বুলি ফলমূল খাবলৈ দিয়ে যেতিয়া ফল গৰুৰ মুখত ভৰাই দিয়ে লগে লগে একে ৰূপতে ফলবোৰ পাছফালেদি ওলাই যায় এই অদ্ভুত ঘটনা দেখি গাঁৱৰ মানুহ আচৰিত হৈ কিন্ত চমৎকাৰী গৰুৱে প্ৰসাদ দিছে বুলি মানুহবোৰে খাই ৷
আকৌ এজন মানুহে পিজ্জা আনি গৰুক খোৱাই দিয়ে এইবাৰ কিন্ত চমৎকাৰী গৰুৱে পিজ্জা দগৰি খালে মানুহজনে প্ৰসাদ দিব বুলি পাছফালে হাত পাতি ৰয় বহু সময় ধৰি প্ৰসাদ নোলোৱা দেখি মানুহজনে দুখমনেৰে ঘৰলৈ গুচি যায় ৷

সেই চহকী মানুহজন চমৎকাৰী গৰুৰ ওচৰলৈ যায় গৰুৱে মানুহজনক কলে তোমাৰ সোণ ৰূপ যিমান গোটেইবোৰ এটা বেগত ভৰাই দি চোতালত থৈ দিবা ৷ চহকী ব্যক্তিজনে গৰুৱে কোৱা মতে কাম কৰিলে
ৰাতি হ'ল গাঁৱৰ মানুহ টোপনিত লালকাল গৰুটোৰ পৰা এজন মানুহ ওলাই আহিল আৰু চহকী মানুহজনে থোৱা গহণাগাঁঠৰিবোৰ লৈ আকৌ গৰুৰ ভিতৰত সোমাই যায় ৷ ৰাতিপুৱা হ'লত চহকী মানহেজনে শুই উঠি দেখে যে সোণ ৰূপ নাই ৷ সি লগে লগে পুলিচ থনাত গৈ  কথাটো জনালে ৷পুলিচে আহি তালাচি লওঁতে গৰুটো দেখি সুধিলে গৰুটোৰ গৰাকী কোন ৷ সেই সময়তে ফোনৰ ৰিংটন শুনা গ'ল পুলিচে ইফালেসিফালে চাই পাছত ভালদৰে মন দি ৰিংটনটো শুনিলে অ এয়া দেখােন গৰুটোৰ পৰা ৰিংটোৰ মাত শুনা গৈছে আজি কালি দেখােন গৰুৱেও মবাইল ব্যৱহাৰ কৰে নেকি ? এইবুলি কৈ গৰুটোৰ পিঠিত কোৱাই দেখিলে অ টং টং এয়া দেখােন লোহাৰ শব্দ তাৰপাছত গৰুটোক ভালকৈ পৰীক্ষা নিৰিক্ষা কৰি দেখে শেষত গৰুটোত খুলিবপৰাকৈ চেইন পালে চেইনডাল খুলি দিয়াৰ লগে লগে গৰুটোৰ পৰা মানুহ এজন ওলাই পৰিল অ এয়া গৰু নহয় ৰৱৰ্ট গৰু আৰু সোণ ৰূপ বোৰও ওলাই পৰে সকলো ঘটনা বুজি পাই পুলিচে লগে নগে মানুহ জনক গেৰেপ্তাৰ কৰিলে ৷ শেষত এই সকলো বুদ্ধিৰ দাতা বামুণজনকো পুলিচে জেলত ভৰালে ৷

          ৰচনাকাৰ - ৰাহুল কুৰ্মী
                 সপ্তম শ্ৰেণী
        কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)