গহীন গম্ভীৰ লয়লাসে খোজত পদুম ফুলে ।
মাগুৰ বৰণীয়া দুচকুত চছ্মা পিন্ধিলে
লাগে দেখোন মৰম আকলুৱা ।
হৃদয়খনো যেন মৰম আলসুৱা - --'- -
দুচকুত ভাঁহি ফুৰে তোমাৰ
ৰিমঝিম প্ৰেমৰ ঢল ।
ৰাখিছা নেকি সাঁচি হৃদয়ত
অফুৰন্ত মৰমৰ ভঁৰাল ???
আকুলতাৰে ভৰি আছে হৃদয়
হৃদয়ত যন্ত্ৰণাৰ বোজা লৈ কেনেকৈ কটাবা সময় ???
ভাগৰুৱা আত্মই জিৰাবনে সুকোমল হৃদয়ৰ শীতল ছাঁত ?
এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকা
সময়েহে দিব আলফুলীয়া মৰমবোৰ সিচি ।
হৃদয়খন তোমাৰ - - - - -
মৰমবোৰ উঠিবনে উঠলি ???
খুলি কব পাৰিবানে কেতিয়াবা সময়ৰ দুৱাৰদলিত বহি ??? ? ? ? ?
কথা পাতিবা নিৰ্জনতাৰ সতে
এদেও দুদেও কৈ নাছিব বিহগী ।
ভাবনাবোৰক কেতিয়াবা কৰিবনে আমনি
হৃদয়ৰ নিভৃত কোণত - - - ????
গঢ়িব পাৰিবা ছাগে হৃদয়ৰ সতে মনৰ সম্পৰ্ক ।
টকাৰ আধিপত্যত তুমিতো হেৰাই নোযোৱা
তোমাৰ সুগঢ়ী ৰূপে মন কাঢ়ি আনন্দৰে ৰাসলীলা পাতিব বিছাৰে ,, , , , বুজানে ?
কিয় জানো টোপনি নাহে
মনতো টোলপাৰ লগোৱা এজাক বতাহ সোমাই আহে খিৰিকী বাটেৰে ।
অ' মোৰ অচিনাকি মন
ভাবনা নাওখনি আৰু নো কিমান বাম ???
⬛ ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ