( এই কবিতাটি ২০০৬ চনৰ গুৱাহাটী কলাক্ষেত্ৰত শিশু ৰচনাৰ ৰাজ্যশ্ৰেষ্ঠ বটাপ্ৰাপ্তি কবিতা )
কণমানি শিশু মই
পিঠিত কিতাপৰ বোজা লৈ
যাওঁ নিতৌ স্কুললৈ
পঢ়ি শুনি ভাল মানুহ হবলৈ
পদুম যেন নয়না দুটিত
কণমানি কলিজাত
জগাই আত্মবিশ্বাস
বছৰে প্ৰতি দিওঁ পৰিক্ষা
পৰিক্ষাৰ ৰিজাল্ট দিবৰ দিনা
বুকুত বাঢ়ে ধপধপনি
ভয়তে নিৰস হৈ
কোমল মুখনি
কম নম্বৰ পাই
মনত বৰ বেজাৰ লাগে
মা দেউতাৰ ধমকি শুনি
উঠে কাণ্ডি মোৰ অন্তৰ খনি
তথাপিও চকুৰ পানী মচি
কৰোঁ পণ এটি
এইবেলি ভাল ৰিজাল্ট আনিম বুলি
পঢ়িম মই মনপুতি ৷
⬛দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ