ইমান

Rinku Rajowar
0
ইমান জলা নিদিবা
আঞ্জা খাব নোৱাৰি
ভাতৰ পাত এৰা পৰিব পাৰে
ইমান মিঠা নিদিবা
চাহ কাপ খাই
মধুমেহৰ শংকা বাঢ়িব পাৰে 
ইমান নিমখ নিদিবা
দেহত ৰক্তচাপ বাঢ়ি
হঠাৎ ষ্ট্ৰোক হ'ব পাৰে
ইমান টেঙা নিদিবা
পেটত পৰিলেই
এচিডিটি হ'ব পাৰে
ইমান মিছা নকবা
কোনেও তোমাক পিছত
বিশ্বাস নকৰিব পাৰে 
ইমান সঁচা নকবা
তোমাৰ কাষৰ মানুহবোৰ
আঁতৰি যাব পাৰে 
ইমান যন্ত্ৰণা নিদিবা
আপোনজন আঁতৰি গৈ
আনৰ আশ্ৰিত হ'ব পাৰে ।

  ⬛সৌৰভ কুমাৰ বৰুৱা
   উঃ লখিমপুৰ
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)