তেজ মঙহৰে
ৰ'ল মাথোঁ ছাই...
জুবিন দা আপুনি আৱেগিক
তথাপি কিয় গাই তেজ মঙহৰ গান
হৃদয়ত অগণি জ্বলাই...
সমালোচনাৰ অগণিত পুৰি পুৰি
ছাই কৰা আমাৰ যে আজন্ম স্বভাৱ
টোপোল টোপাল বৰষুণজাকৰ অপেক্ষাত
চকুৰ পতাত চুমা সিচি দিয়া মানুহজন
চকুলোৰে আৱৰি নধৰে জানোঁ কোমল হিয়াখন
একবিংশ শতিকাৰ প্ৰেম কাহিনীৰ
চিত্ৰনাট্য ৰূপ দিয়া নাট্যকাৰ তুমি
মাজুলীৰ এজনী ছোৱালী দুখপালে
আৰ্তনাদ কৰি ফুৰা...সপোনৰ বিহংগত তুমি
কলিজা ফালি
প্ৰতিচ্ছবি বিচাৰি ফুৰা অদমনীয় দৃঢ়তা
ধূলিকণাত অঘৰী কবিতা বিচাৰি বিচাৰি
পাহুৱাল ডেকাসকল মনৰ খবৰ ৰখা
ৰাতি ৰাতি সপোনৰ মৰিচীকা খেদি
ভাগৰি নপৰা
বান পীৰিতৰ সকে সততে
সৰৱ থকা মানৱদৰদী সত্তা তুমি
তুমি অনন্য... জুবিন দা
✍ নৃপেন ৰাজোৱাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ