তই আহিলে পছোৱা জাকৰ সৈতে মই কথা পাতিব নোৱাৰো।
পমোৱা তুলাবোৰ কাজলি পাতি ধৰিব নোৱাৰো।
জীৱন বাটৰ জখলাডালত বৰ কষ্টেৰে বগাইছো।
দাসত্বৰ বান্ধোন চিঙি সময়ৰ সতে একো কৰিব পৰা নাই অ '।
ফাগুন তই নানিবি কালধুমুহা - - - - -
জীৱনলৈ সঁচাকৈ ।
উভতি যাগৈ দুখৰ বোকোচাত মই উঠিব নোৱাৰো অ' ।
ফাকুৱাৰ ৰংবোৰৰ দৰে বেদনাবোৰে বৰ আমনি কৰে ।
কাজলপ্ৰিয়া হবৰ মন যায়
পিছে - - - - -- - -
তেওঁযে কাষলৈ নাহে দুনাই ।
বুকুত যন্ত্ৰণা সিঁচি তইতো আতৰি যাবি
পলাশে হাঁহিলেও মই হাঁহিব নোৱাৰো
বান্ধোনডাল যে চিঙিবও নোৱাৰো।
⬛ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ