বুকুত মোৰ জুই হৈ জ্বলে,
আকাশ ৰাঙলী কৰি
যেতিয়া ফাগুনে পাহি মেলে।
পচোৱা এচাটি হৈ মন মোৰ
অজানিতে ঢাপলি মালে,
তোৰ এমুখ জোনাকৰ
শীতল পৰশত স্হবিৰ হ'বলে।
বাৰে বাৰে…
উজাগৰি নিশাৰ উশৃংশল ভাৱনাবোৰে
মনৰ পৰা বুকুলে উঠা-নমা কৰে,
তোৰ এমুখ জোনাকে মোক
হাতবাঊলি দি মাতে।
জানো ! বুজো……
তথাপি অবাধ্য মনে
বুজনি ল'ব নোখোজে,
আৱেগে যেতিয়া বিবেকৰ
জৰী চিঙে।
তোৰ ওঁৰণী আঁৰৰ এমুখ জোনাকে
পোহৰাই নুতোলে কেতিয়াওঁ
মোৰ বুকুৰ আঁউসীময় চোতাল,
পদূলিত নুফুলে আৰু
হেঁপাহৰ খৰিকাজাই …কাহানিওঁ।
তথাপি……
গোপনে মনে উচুপি থাকে
তোৰ এমুখ জোনাক,
বিষাদ হৈ যেতিয়া
অগোচৰে বুকুলে উজাই আহে।
⬛ প্ৰবিন দত্ত (শিৱসাগৰ)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ