মনৰ কুসুম পাহ

Rinku Rajowar
0
মোৰ মনৰ সেই ফুলনি খনত
  ফুলিছিল এপাহ ৰঙা গোলাপ।

গোলাপৰ সুগন্ধত আমোল-মোলাইছিল 
      মোৰ হিয়াৰ প্ৰতিটো কোণ।

যাৰ ফলত বৈ আহিছিল মোৰ হিয়াৰ মাজেৰে 

এটি সুখৰ নিজৰা।

মোৰ সেই ফুল পাহত অজানিতে 
কৰবাৰ পৰা উৰি আহি পৰিল 
     এটি মৰম লগা ভোমোৰা।

যাৰ বাবে ফুল পাহ আনন্দত আত্মহাৰা হ'ল।

কিন্তু সময়ৰ লগে লগে  
       ভোমোৰাটোৱে যেতিয়া 
           ফুলৰ ৰস প্ৰাণ কৰিলে।

ফুল পাহ যেন অজানিতে জয় পৰি গ'ল।

নিজানৰ সেই কুসুম কলিটো 
     নিজানতেই শুকাই ৰ'ল। 


আৰু গোলাপৰ কাঁইটে মোৰ   মনটোক খুছি-বিন্ধি 
      থকা-সৰকা কৰিলে।

যাৰ ফলত মোৰ হিয়াৰ মাজেৰে সৰিব ধৰিলে,
       টোপ্‌-টোপ্‌ তেজৰ টোপাল

🔰দীপাঙ্কৰ লাহন , গহপুৰ
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)