আই তোৰ বুকুত আঁকিছো তেজেৰে এখন ছবি

Rinku Rajowar
0
আই তোৰ বুকুত আঁকিছো
তেজেৰে এখন ছবি
কাহানিও স্তব্দ হ'বলৈ নোখোজা,

শতিকাৰ জ্যোতি
দৃষ্টিৰ পোহৰ সিঁচি
আঁকিছো তেজেৰে এখন ছবি
কাহানিও স্তব্দ হ'বলৈ নোখোজা।
শক্তি পয়োভৰ
ভক্তি পয়োভৰ
মুক্তি জয় গান সহস্ৰ জনতাৰ
আঁকিছো তেজেৰে ছবি
তাৰে তোৰ বুকুত
কাহানিও স্তব্দ হ'বলৈ নোখোজা,

উদাত্ত কণ্ঠ স্তব্দ নহয়
মায়া মন্ত্ৰ অৱৰুদ্ধ নহয়
আঁকিছো তেজেৰে তাৰেইএখন ছবি
তোৰ বুকুত
কাহানিও স্তব্দ হ'বলৈ নোখোজা।

আৰু এখন ছবি আঁকিছো 
মানুহৰ তেজ আৰু ঘামৰ গোন্ধ
এক আত্মিক সম্পৰ্ক
বোকা পানী বাট কাটি
স্বাধীনতাক ভালপোৱা সেই ছবি
যি ছবিয়ে সদায় তোৰ কথা কব।

🔰নাং ননী গগৈ ,টেঙাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)