মা

Rinku Rajowar
0

মা অ মা

দিয়ানা মৰমৰ চুমা

নকৰিবা মোক ঘৃণা

বোলাই দিয়া মোৰ গাত

মমতাৰ দুই হাত

নহয় যে মই 

পূৰ্ব জনমৰ পাপ

নহয় কোনো অভিশাপ

এয়া মাথো ভাগ্যৰ খেলা

নকৰিবা  মোক অৱহেলা

ভাগৰি পৰিছো জন সমূদ্ৰৰ মাজত

পাই লাঞ্ছনা  তিৰস্কাৰ পুতৌ  মনোভাৱ

দিয়া ঠাই তোমাৰ মাতৃৰূপা  মৰম সনা উমাল বুকুতে

জীৱনৰ অন্তিম বেলাতে

লওঁ অলপ জিৰণি 

সংসাৰত পাইছো অতি আমনি 

মা অ মা

শুনিছানে ? তুমি

আকৌ আহানা উভতি

সংসাৰৰ যাতনাত মন দুখী

কৰিছো মই মিনতি 

মা তোমাৰ দৰে হব কোন

নৈ সমান বব কোন 

তোমাৰ মমতাময়ী শ্ৰী চৰণ

মোৰ অশ্ৰুৰে পখালি দিম

মৰমতে তুমি দিবা চুমাটি !

কবি - দুলাল ৰবিদাস 








Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)