মইয়ে তোমাৰ শেষ ঠিকনা

Rinku Rajowar
0
তুমি নিৰুদ্দেশ হোৱাৰ দিন ধৰি
তোমাক বিচাৰি চলাথ কৰিছো
নীলা গ্ৰহৰ প্ৰতিটো আলি -গলি 
একাকাৰ কৰিছো প্ৰতিটো ঋতুৰ
প্ৰতিটো দিন-ৰাতি
তুমি দিয়া বিশ্বাসৰ বোজা
বুকুত বান্ধি তোমাকেইকেই
বিচাৰি খাইছো হাবাথুৰি
বাটে-ঘাটে ,যাকে-তাকে
সুধিছো তোমাৰ বাতৰি
ৰিঅ' লেবাননৰ ব্বীচত বহি
সাগৰক সুধিলো,
চুগাৰলফ্ পৰ্বতমালা অকলে বগালো,
পেৰুৰ মাচ্চু-পিচ্চুৰ পৰিত্যক্ত চহৰত
তোমাক বিচাৰিলো,
পানামাৰ গটুল্ হ্ৰদৰ তীৰত বহি
গোপনে চকুলো টুকিলো
ফক্ লেণ্ডৰ ৰকহুপাৰ পেঙ্গুইনৰ সতে 
শাৰীপাতি বহিলো,
সদাব্যস্ত লিমাৰ ৰাজপথ
তোমাক বিচাৰি একাকাৰ কৰিলোঁ
ক'তোয়ে নেপালো মই তোমাৰ 
সঠিক ঠিকনা
শকুন্তলা…………
শ্ৰান্ত- ক্লান্ত এতিয়া মই
তোমাৰ যাযাবৰ প্ৰেমিক বাটৰুৱা
মনত পৰেনে শকুন্তলা……
তুমি কোৱা কথা কথাটি
মইয়ে তোমাৰ শেষ ঠিকনা বুলি।

    ⬛প্ৰবিন দত্ত (শিৱসাগৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)