শূন্যতা

Rinku Rajowar
0
মা তুমি নাই,ময়ো নাই
দেউতা তুমি যে নাই সাহসেই নাই
সীমিত সময়ৰ বাবে কিয় সুসম্পৰ্ক
ৰক্ষা কৰিছিলা
দুয়োয়ে....
কিয় কিয় কিয় ?
তোমালোকৰ উদ্যোগতে
হাঁহিবোৰে সজাল
ধৰি উঠিছিল...
জীৱনৰ---
ন -কুঁহিপাত মেলিছিল..
তুমি যে কৈছিলা 
হাঁহিৰে জীৱন জুখিবা
সাহসেৰে আগবাঢ়ি যাবা
এতিয়াছোন সকলো বিপৰীত মা
পৃথিৱীখন এনেকুৱা নহয়ছোন "তুমি কোৱাৰ দৰে পাপা"
মৰুদ্যানৰ শুভ্ৰ বালিচন্দাত 
কিয় জিলিকি নুঠে এমুঠি হাঁহি
মই কিয় গাব নোৱাৰোঁ মা
জীৱনৰ গান.....
যৌৱনৰ ব্যাকুলতাবোৰ
তোমাৰ বুকুৰ ওমেৰে পাব
পৰা  হলে,
এঘুমুটি মাৰিলোঁ হেতেন
তোমাৰ কোলাত...
মৰমতে কপালত হাত বুলাই
দিলাহেতেন শুৱাই...
অপ্ৰকাশিত কষ্ট বোৰ বুকুৰ ভিতৰত সযতনে
কিমান দিন লৈ ফুৰিম পাপা...
কলিজাৰ মেৰুত কঠিন বাস্তৱ সুৱৰি
দুটি ওঠ খামুচি
আজিও কান্দো নিৰৱে
ৰাতি ৰাতি...
তোমাৰ দৰে মৰম কোনেও নকৰে মা"
তুমি আকৌ আহানা মা" মোৰ কাষলে
বিষাদৰ গীত গুণগুণাবলে
মা....…
মা.......
            

          🔰নৃপেন ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)