ফুলিছে প্ৰকৃতি শুৱাই
হাঁহি বিৰিঙি উঠে পাহিবোৰত ৰংচঙীয়া কি যে অপৰূপ - - - - - - !
মিঠা মিঠা লগা ।
মলয়াৰ সুবাসৰ সতে সুগন্ধি সানি
কৰিছেহি মন মোৰ মতলীয়া ।
চিকুণ কোমল পাহিটি
লওঁ নেকি খোপাত খুজি।
কোনোৱে চাই থাকিব নোৱাৰি
আনিলে এপাহ চিঙি
কাঁইটৰ আচোঁৰ দুহাতত
তথাপিও - - - - - - - !
এতিয়া আৰু কাঁইটেৰে বাকোহা দুহাত চাই
লাভ নাই - - - - ।
মই চিঙিব নোৱাৰো
আই ঐ দেহি ইমান সুন্দৰ পাহি।
চাই থাকোতেই সময় উৰি গ ল
চকুৰ পিৰীকতিত ।
জকমকীয়া ফুলৰ সুবাস প্ৰতিটো মুহূৰ্ততে।
সময়ৰ সতে আহিল ধুমুহা
তচনচ কৰি থৈ গ ল পাপৰিবোৰ ।
এবাৰলৈ নাভাবিলে ধুমুহা জাকে
প্ৰকৃতিৰ কোলাত ফুলি সুগন্ধি সনা
পাহিটিৰ হৃদয়ৰ বেথা ।
হাজাৰ কাঁইটৰ মাজত সোমাই থাকিও
বচাব নোৱাৰিলে নিজৰেই দেহা ।
কি দুখ আছিল - - - - - -?
পাহিবোৰ এতিয়া সৰি পৰে
দুবৰিৰ দলিচাত দুখবোৰক লগতে লৈ।
চকুলোৰ নদীখনো বৈ যায় ধৰিত্ৰীৰ
বহল বক্ষত ।
অসহ্য যন্ত্ৰণাত - - - - -মন।
🔰ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ